নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :মাফিয়া আতিক আহমেদৰ বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আতিক আহমেদৰ বিৰুদ্ধে চলা এক অভিযানত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে প্ৰয়াগৰাজৰ ঝুনচি অঞ্চলত ১২৩ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰে (UP police attached property of Atiq Ahmed)। ইফালে গেংষ্টাৰ আইনৰ অধীনত আতিক আহমেদৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে (Investigation against mafia Atiq Ahmed)। শীৰ্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত চলা বুধবাৰৰ এই অভিযানত বিভিন্ন আৰক্ষী থানাৰ লগতে ধুমানগঞ্জৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছিল ।
ইয়াৰ পূৰ্বে, অসৎ উপায়েৰে সম্পত্তি গঢ়াৰ অভিযোগত প্ৰয়াগৰাজৰ উপায়ুক্ত সঞ্জয় কুমাৰ খাত্ৰীয়ে মাফিয়া আতিক আহমেদৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৰাজহ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছিল । তদন্তৰ প্ৰতিবেদনৰ ফলাফল দাখিল কৰাৰ পাছত মাফিয়া তথা ৰাজনীতিবিদ আতিক আহমেদৰ সম্পত্তিৰ অবৈধ সম্পত্তি তালিকাভুক্ত কৰা হৈছিল ।
জানিব পৰা মতে অপৰাধমূলক কাৰ্যকলাপৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰে আতিক আহমেদে প্ৰয়াগৰাজৰ ফুলপুৰ আৰু কছাৰী মাছাৰী অঞ্চলত ক্ৰমে ১২৩ কোটি আৰু ৬.৫ কোটি টকাৰ অধিক মূল্যৰ ভূমি আৰু সম্পত্তি ক্ৰয় কৰিছিল ।