নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: এক শিহৰণকাৰী ঘটনাই কঁপালে উত্তৰ প্ৰদেশৰ পাণ্ডেইতাৰা । পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে কন্যাক । কন্যাক হত্যা কৰি ক্ষান্ত নাথাকিল নিষ্ঠুৰ পিতৃ । কন্যাৰ কটা মূৰ হাতত লৈ হত্যাকাৰী পিতৃ উপস্থিত হ'ল মঝিলা আৰক্ষী থানাত । হাৰ্দই আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে নিশা এই ঘটনা সংঘটিত হয় । ভটিজাকৰ সৈতে নিজ কন্যাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে গম পাইছিল হত্যাকাৰী পিতৃ সৰ্ৱেশ কুমাৰে ।
কেইদিনমান পূৰ্বে সৰ্ৱেশে নিজ কন্যাক ভটিজাকৰ সৈতে আপত্তিজনক অৱস্থাত থকা প্ৰত্যক্ষ কৰিছিল । ইয়াৰ পিছৰে পৰা তেওঁ নিৰাশ হৈ পৰিছিল । পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া সৰ্ৱেজে কন্যাক শিক্ষা দিয়াৰ বাবে পৰিকল্পনা কৰিছিল । বুধবাৰে সৰ্ৱেশ পলমকৈ ঘৰত উপস্থিত হৈছিল আৰু দাৰে ঘপিয়াই নিজ কন্যাৰ শিৰচ্ছেদ কৰে । ইয়াৰ পিছতে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা নিজ কন্যাৰ কটা মূৰ হাতত লৈ সৰ্ৱেশ মহিলা আৰক্ষী থানাত উপস্থিত হয় ।