নেশ্যনেল ডেস্ক,29 জানুৱাৰী : চাইবাৰ ক্ৰাইমৰ ভাবুকিকো উপেক্ষা কৰি উত্তৰ প্ৰদেশৰ সংগম চহৰৰ এজন 34 বছৰীয়া লোকে ‘গে ৱেবচাইট’ অৰ্থাৎ সমকামীসকলৰ ৱেবচাইটযোগে এজন 20 বছৰীয়া ছাত্ৰৰ সৈতে অৱসৰ বিনোদনৰ বাবে গৈছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যুৱকজনে ঘৰ নিৰ্মাণৰ বাবে সাঁচি থোৱা 3,63,849 টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷
সূত্ৰই জনোৱা মতে, 34 বৰ্ষীয় ৰাজীৱ শ্ৰীবাস্তৱ নামৰ এজন লোকে ‘PlanetRomeo’ নামৰ এটি গে ৱেবচাইটৰ জৰিয়তে 20 বছৰীয়া বি. কমৰ ছাত্ৰ ৰাজনীশ যাদৱৰ সৈতে যোগাযোগ কৰে ৷
উত্তৰ প্ৰদেশৰ জ’নপুৰ নিৱাসী ৰাজনীশ যাদৱে শ্ৰীবাস্তৱক তেওঁৰ চহৰ ভ্ৰমণ কৰোৱাৰ প্ৰস্তাৱ দিছিল ৷ আইজি কেপি সিঙে জানিবলৈ দিয়া অনুসৰি, প্ৰয়াগৰাজ ৰেঞ্জত যাদৱে শ্ৰীবাস্তৱৰ ক্ৰেডিট, ডেবিট আৰু ম’বাইলৰ চিমকাৰ্ড চুৰি কৰে ৷ ইয়াৰ পাচতে নিজৰ নামত যুৱকজনে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI) আইডি বনাই লয় ৷ যেতিয়া শ্ৰীবাস্তৱে বেংকলৈ যায়, তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ একাউণ্টৰ পৰা 3,63,849 টকা হৰলুকি কৰা হৈছে ৷