অসম

assam

ETV Bharat / bharat

নাবালিকাৰ সৈতে বিবাহ: আৰক্ষীৰ জালত যুৱক - কিশোৰীৰ সৈতে বিবাহ: আৰক্ষীৰ জালত যুৱক

উত্তৰ প্ৰদেশত ১৪ বছৰীয়া নাবালিকাক বিয়া কৰাই আৰক্ষীৰ ৰোষত পৰিল এজন যুৱক । নাবালিকা গৰাকীক অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিবাহ সম্পন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে ।

কিশোৰীৰ সৈতে বিবাহঃ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক
নাবালিকাৰ সৈতে বিবাহ

By

Published : Mar 11, 2021, 7:07 PM IST

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: এগৰাকী নাবালিকাক অপহৰণ কৰি বলপূৰ্বকভাৱে বিয়াত বহিবলৈ বাধ্য কৰোৱাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তবাৰক খান নামৰ এজন যুৱকক আটক কৰিছে । নাবালিকা গৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰা হৈছে । তবাৰক খান গোৰখপুৰৰ শ্বাহপুৰ আৰক্ষী থানা অঞ্চলত এটা ভাড়াঘৰত আছিল । আৰক্ষীয়ে বুধবাৰে ভাড়াঘৰৰ পৰাই তবাৰক খানক গ্ৰেপ্তাৰ কৰে । নাবালিকা গৰাকীৰ মাতৃয়ে জনোৱা মতে, তিনিদিন পূৰ্বে নাবালিকা গৰাকীৰ বেগত তেওঁ উৰ্দু ভাষাত লিখা এখন 'নিকাহনামা' পাইছিল ।

এই বিষয়ে মাতৃয়ে প্ৰশ্ন কৰাত নাবালিকা গৰাকীয়ে কয় যে, যোৱা ১ মাৰ্চত নাবালিকা গৰাকীক অপহৰণ কৰা হৈছিল । ইয়াৰ পিছতে যুৱকজনে বলপূৰ্বকভাৱে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰিছিল । তবাৰক খানে নাবালিকা গৰাকীক এখন 'নিকাহনামা' দি ঘৰৰ ওচৰত থৈ গৈছিল । নাবালিকা গৰাকীয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি, বিবাহৰ কথা পৰিয়ালৰ লোকক অৱগত কৰিলে যুৱকজনে হত্যা কৰাৰো ভাবুকি দিছিল ।

সকলো কথা গম পোৱাৰ পিছতে মাতৃয়ে 'নিকাহনামা'খন আৰক্ষীক দেখুৱাই আৰু অভিযোগ দাখিল কৰে । শ্বাহপুৰৰ ষ্টেছন হাউচ বিষয়া এছ কে সিঙে কয় যে, নাবালিকা গৰাকীৰ মাতৃৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে দেওবাৰে অপহৰণ আৰু অবৈধ ধৰ্মীয় ৰূপান্তৰকৰণ অধ্যাদেশৰ অধীনত গোচৰ ৰুজু কৰে ।

সম্প্ৰতি নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে । 'নিকাহনামা'ত নাবালিকা গৰাকীৰ নাম সলনি কৰা হৈছিল । এই ক্ষেত্ৰত তবাৰক খানক সহায় কৰা লোকজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details