অসম

assam

ETV Bharat / bharat

UP man dies of snake bite: অলৌকিক পন্থাৰে জীয়াই তোলাৰ চেষ্টা মৃত ব্যক্তিক - family calls snake charmers to revive him

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ দিনত এইখন দেশৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটনা (Tragic incident in Uttar Pradeshs Mainpuri) ৷ এজন লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতো নিৰ্মম সত্য মানি ল’বলৈ অপ্ৰস্তুত মৃতকৰ পৰিয়াল ৷ ডেৰ দিন পৰ্যন্ত অলৌকিকতাৰে প্ৰচেষ্টা চলালে মৃত আত্মীয়ক জীয়াই তোলাৰ বাবে ৷ যি ঘটনাই এতিয়া চকু কপালত তুলিছে সচেতন জনতাৰ ৷

অলৌকিক পন্থা অৱলম্বনেৰে জীয়াই তোলাৰ চেষ্টা আত্মীয়ৰ
UP man dies of snake bite

By

Published : Jul 25, 2022, 3:35 PM IST

নেশ্যনেল ডেস্ক,25 জুলাই: উত্তৰ প্ৰদেশৰ মেইনপুৰীত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ সাপে খুটিওৱাৰ ফলত মৃত্যুমুখত পৰা আৰু চিকিৎসায়ো জীয়াই তুলিব নোৱাৰা ব্যক্তি এগৰাকীক পুনৰ জীয়াই তোলাৰ আপ্ৰাণ চেষ্টা চলিল পৰিয়ালৰ উদ্যোগত (UP man dies of snake bite) ৷ মৃত লোকজনৰ নাম তালিব আৰু তেওঁ মইনপুৰীৰ জাতৱান মহল্লাৰ বাসিন্দা ৷

শুকুৰবাৰৰ নিশা লোকজনক সাপে দংশন কৰে ৷ সৰ্পই দংশন কৰাৰ পিছতে তালিবক পৰিয়ালৰ লোকে ততাতৈয়াকৈ চাইফাই হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে(UP man dies of Snake bite) ৷ অৱশ্যে চিকিৎসকৰ সিদ্ধান্ত মানি ল’বলৈ অমান্তি প্ৰকাশ কৰি পৰিয়ালৰ লোকে আত্মীয়গৰাকীক জীয়াই তুলিবলৈ এইবাৰ গ্ৰহণ কৰে অলৌকিক পন্থা(miraculous approach) ৷

তান্ত্ৰিক আৰু সাপ নচুওৱা লোকৰ দ্বাৰা আত্মীয়গৰাকীৰ দেহত মৃত সঞ্জীৱনী ঢালিবলৈ চেষ্টা চলালে পৰিয়ালৰ লোকে ৷ 30 ঘণ্টা জোৰা ব্যৰ্থ চেষ্টাৰ অন্তত পৰিয়ালৰ লোকে বাস্তৱ সত্যটো স্বীকাৰ কৰে আৰু দেওবাৰে বিয়লি 4 বজাত লোকজনৰ শেষকৃত সম্পন্ন কৰা হয় ৷

স্থানীয় লোকে জনোৱা অনুসৰি, পঞ্জাৱত কৰ্মৰত তালিব 10 দিন পূৰ্বে উত্তৰ প্ৰদেশস্থিত ঘৰলৈ আহিছিল ৷ আৰু কিছুদিন পূৰ্বে তেওঁৰ 10 বছৰীয়া ভতিজাৰো সৰ্প দংশনত মৃত্যু হৈছে ৷ একবিংশ শতিকাটো দেশৰ নাগৰিকৰ এনে কৰ্ম-কাণ্ডই এলান্ধুকলীয়া দেশৰ মানসিকতা স্পষ্টৰূপত যেন উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক:কিশোৰৰ ভৰিত মেৰিয়াই ধৰিলে প্ৰকাণ্ড সাপে

ABOUT THE AUTHOR

...view details