নেশ্যনেল ডেস্ক,২১ জানুৱাৰী: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ আদালত চৌহদত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । কথমপি প্ৰাণ ৰক্ষা পৰে এজন ন্যায়াধীশৰ । মিৰ্জাপুৰ আদালতৰ চৌহদত গাউন পিন্ধি থকা অৱস্থাত এগৰাকী ন্যায়াধীশ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো পৰি যোৱাৰ ফলত গুলীবিদ্ধ হয় ন্যায়াধীশগৰাকী(UP judge accidentally shoots self) ।
আঘাতপ্ৰাপ্ত ন্যায়াধীশগৰাকী অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিং বুলি জানিব পৰা গৈছে । অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিঙে মিৰ্জাপুৰ আদালত কমপ্লেক্সত তেওঁৰ চেম্বাৰৰ ভিতৰত তেওঁৰ গাউনৰ ভিতৰত ৰখা তেওঁৰ গুলীভৰ্তি ৰিভলভাৰটোৰ পৰা গুলীবৰ্ষণ হোৱাত আঘাতপ্ৰাপ্ত হয়(judge shoots himself in mirzapur) । ন্যায়াধীশগৰাকীৰ ভৰিত গুলী লাগে বুলি জানিব পৰা গৈছে ।
ঘটনা সংঘটিত হোৱাৰ লগে লগে গুলীবিদ্ধ অতিৰিক্ত জিলা ন্যায়াধীশ তালেৱাৰ সিঙক ভৰ্তি কৰোৱা হয় চহৰৰ এখন স্থানীয় চিকিৎসালয়ত । চিকিৎসকে গুলীটো তেওঁৰ ভৰিৰ পৰা উলিয়াই তেওঁক অন্যান্য প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে । মিৰ্জাপুৰ আৰক্ষীয়ে জনাই যে ন্যায়াধীশ তালেৱাৰ সিঙে চেম্বাৰত আদালতৰ গাউন পিন্ধি আছিল । ঠিক তেনে সময়তে তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো ভুলবশতঃ মাটিত পৰি যায় আৰু তাৰ ফলত তেওঁ গুলীবিদ্ধ হয়(judge shoots himself in uttar pradesh) ।