অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি ! - UP govt new guideline for Madrassas

এতিয়াৰে মাদ্ৰাছাসমূহ ৩ বজালৈ খোলা থাকিব (Madrasa new time table)। পূৰ্বতকৈ শৈক্ষিক সময়সূচী ১ ঘণ্টা বৃদ্ধি কৰা হৈছে । পুৱা ৯ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ'ব ।

UP
উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি

By

Published : Sep 28, 2022, 11:43 AM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :দেশজুৰি মাদ্ৰাছাসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ । অসমৰ লগতে মধ্যপ্ৰদেশতো মাদ্ৰাছা বন্ধৰ কুছকাৱাজ চলিছে । শেহতীয়া তথ্য অনুসৰি মধ্যপ্ৰদেশত যোৱা এবছৰত ৪০ খনৰো অধিক মাদ্ৰাছা বন্ধ কৰিলে চৰকাৰে (48 Madrasa closed in Bhopal)। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে বিপৰীত স্থিতি গ্ৰহণ কৰিছে ।

মাদ্ৰাছাসমূহৰ প্ৰতি সহমৰ্মিতা দেখুৱাইছে উত্তৰ প্ৰদেশ চৰকাৰে ! উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা পৰিষদে মঙলবাৰে ১ ঘণ্টা বৃদ্ধি কৰিলে শৈক্ষিক সময়সূচী (UP govt increases working hours at Madrassas)। অৰ্থাৎ এতিয়াৰে পৰা ৫ ঘণ্টা নহয় ৬ ঘণ্টা খোলা থাকিব মাদ্ৰাছাসমূহ । পুৱা ৯ বজাত ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰাৰ পাছত ৩ বজালৈ মাদ্ৰাছাৰ শৈক্ষিক কাৰ্যকলাপ অব্যাহত থাকিব (UP govt new guideline for Madrassas)।

এই সন্দৰ্ভত উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা পৰিষদৰ সভাপতি ড০ ইফতেখাৰ আহমেদ জাভেদে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যোগী আদিত্য নাথ চৰকাৰে মাদ্ৰাছাসমূহৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে । জাভেদে উল্লেখ কৰা মতে মাদ্ৰাছাসমূহ পূৰ্বে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ চলিছিল । এতিয়া ইয়াৰ সময় এক ঘণ্টা বৃদ্ধি কৰা হৈছে ।

মাদ্ৰাছাসমূহৰ শিক্ষাৰ্থীৰ এখন হাতত লেপটপ আৰু আনখন হাতত কোৰাণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তৱায়িত কৰিবলৈ মাদ্ৰাছা শিক্ষা পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে পুৱা ৯ বজাত দোৱাৰ লগতে ৰাষ্ট্ৰীয় সংগীত বাধ্যতামূলক কৰা হৈছে (National anthem mandatory in Madrassas)।

উল্লেখ্য যে এই বছৰৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ সকলো মাদ্ৰাছাত দৈনিক ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন বাধ্যতামূলক কৰিছিল । ইফালে ২০১৭ চনত পৰিষদে স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন বাধ্যতামূলক কৰিছিল । বিজেপি শাসিত একাংশ ৰাজ্যত চৰকাৰে মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময়তে উত্তৰ প্ৰদেশত চৰকাৰৰ মাদ্ৰাছা প্ৰীতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :Centre bans PFI: PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details