অসম

assam

যি দেশত আইনৰ ওচৰত হতাশ হয় ন্যায়াধীশ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:46 PM IST

Updated : Dec 14, 2023, 8:02 PM IST

উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাত নিযুক্তি পোৱা এগৰাকী মহিলা ন্যায়াধীশে এগৰাকী জিলা ন্যায়াধীশৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে । এই সন্দৰ্ভত তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছে ।

Judge Sexual Harassment
UP Female Judge Sexual Harassment

নিউজ ডেস্ক, 14 ডিচেম্বৰ: এগৰাকী মহিলা দেৱানী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ইউথেনাচিয়াৰ দাবী জনাইছে। মহিলা দেৱানী ন্যায়াধীশগৰাকীক উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাত নিযুক্তি দিয়া হৈছে। তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি মৃত্যুৰ অনুমতি বিচাৰিছে। চিঠিখনত লিখিছে যে ২০২২ চনত বাৰাবাংকি জিলাত পদবী হোৱাৰ সময়ত তাত থকা জিলা ন্যায়াধীশে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল।

আইনৰ ওচৰত হাৰ মানিছে নেকি ন্যায়াধীশে

দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমি সকলোৱেই আস্থা ৰাখোঁ ৷ কিন্তু কেতিয়াবা যেন ন্যায় ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলাবলৈ বাধ্য হয় একাংশ ৷ এইবাৰ খোদ এগৰাকী ন্যায়াধীশেই আস্থা হেৰুৱাই পেলালে ন্য়ায় ব্যৱস্থাৰ ওপৰত ৷ যাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখি ইচ্ছামৃত্যুৰ অনুমতি বিচাৰিছে ৷

উত্তৰপ্ৰদেশৰ এখন দেৱানী আদালতৰ এগৰাকী মহিলা ন্যায়াধীশে লিখিছে এই পত্ৰখন ৷ য’ত তেওঁ উল্লেখ কৰিছে যে ৰাজ্যখনৰ বাৰবাংকি জিলাত নিয়োজিত হৈ থকা সময়ত তেওঁক এগৰাকী জিলা সত্ৰ ন্য়ায়াধীশে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল ৷ তেওঁ এই ঘটনাৰ বিৰুদ্ধে আইনী যুঁজ কৰিছিল যদিও মনে বিচৰা ধৰণে ফল নাপালে ৷ যাৰ বাবে তেওঁ এনেদৰে লিখিব লগীয়া হৈছে ৷

কেৱল এয়াই নহয়, জিলা ন্যায়াধীশগৰাকীয়ে তেওঁক নিশা লগ হ’বলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ তুলিছে মহিলা ন্যায়াধীশগৰাকীয়ে । এই সন্দৰ্ভত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়তো আবেদন জনায় । কিন্তু, ন্যায়াধীশ হোৱাৰ পিচতো তেওঁ ন্যায় নাপালে । ইয়াৰ পিছত তেওঁ ইচ্ছামৃত্যুৰ দাবীত এই চিঠিখন লিখিছে দেশৰ মুখ্য ন্যায়াধীশলৈ ।

চিঠিখনত ভুক্তভোগী মহিলা ন্যায়াধীশগৰাকীয়ে এইটোও লিখিছে যে ন্যায়াধীশ হোৱাৰ পিচতো যদি তেওঁ ন্যায় পোৱা নাই তেন্তে সাধাৰণ জনতাৰ কি হ’ব ? যেতিয়া আনক ন্যায় দিয়া ন্যায়াধীশে ন্যায় লাভ কৰা নাই, তেতিয়া সাধাৰণ জনতাৰ কি হ’ব ?

ইচ্ছামৃত্যুৰ বাবে আবেদন

ভুক্তভোগী মহিলা ন্যায়াধীশগৰাকীয়ে কয় ‘‘মোৰ লগত যি হৈছে সেই সন্দৰ্ভত মই মুকলি পত্ৰ প্ৰেৰণ কৰিছো । য'ত মই সকলো কথা লিখিছো । এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মই আবেদনো দাখিল কৰিছিলোঁ। কিন্তু, সেয়া নাকচ কৰা হ’ল ।’’ তেওঁ লগতে কয় ‘‘যেতিয়া মই বিষয়টোৰ ওপৰত অভিযোগ কৰিছিলো তেতিয়া অভিযোগটো গ্ৰহণ কৰিবলৈ প্ৰায় ছমাহ সময় লাগিছিল । কিন্তু, এই প্ৰক্ৰিয়াত তিনিমাহ সময়ৰ ভিতৰত হ’ব লাগে ।’’

মহিলা ন্যায়াধীশগৰাকীয়ে কয় ‘‘মই বাণ্ডা জিলাত নিয়োজিত হৈ আছোঁ আৰু মই উচ্চ ন্য়ায়ালয়লৈ যাম । বৰ্তমান মই মোৰ ফালৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিব নোৱাৰো । কিন্তু যি ক’ব লগা আছে সেই চিঠিখনতেই লিখিছো ৷ এইখন মোৰ মুকলি চিঠি ৷’’ একে সময়তে তেওঁ কয় যে ন্যায়াধীশ হোৱাৰ পিছতো তেওঁ ন্যায়ৰ বাবে আবেদন কৰিব লাগিব, য’ত বহু সমস্যা আছে ।

লগতে পঢ়ক:কৃষ্ণ জন্মভূমি বিতৰ্ক: শ্বাহী ঈদগাহ মছজিদত জৰীপৰ অনুমতি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Last Updated : Dec 14, 2023, 8:02 PM IST

ABOUT THE AUTHOR

...view details