নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী :উত্তৰ প্ৰদেশৰ ১১ খন জিলাক সামৰি ৫৮ টা বিধানসভা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (1st phase polling begins in Uttar Pradesh)। সন্ধিয়া ৬ বজাৰ লগে লগে এই ভোটগ্ৰহণ সমাপ্ত হ'ব । প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ পশ্চিম অংশৰ 'জাট-প্ৰভাৱশালী বেল্ট' সামৰি লোৱা হৈছে ।
ভোটগ্ৰহণ চলি থকা জিলাসমূহৰ ভিতৰত আছে মথুৰা, মুজাফ্ফৰনগৰ, মীৰাট, গাজিয়াবাদ, বুলন্দচহৰ, হাপুৰ, চামলি, বাগপত, আলিগড়, আগ্ৰা আৰু গৌতম বুদ্ধ নগৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (UP assembly election 2022) অনুষ্ঠিত হোৱা সমষ্টিবোৰত প্ৰায় ৬২৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আনহাতে প্ৰায় ২.২৭ কোটি ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত, এই বছৰৰ সমগ্ৰ নিৰ্বাচনী প্ৰচাৰত বিশেষভাৱে ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰা সমষ্টিবোৰ হৈছে নয়ডা, কৈৰানা আৰু মীৰাট ।
নয়ডা বিধানসভা আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে কংগ্ৰেছে পাংখুৰী পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । পাংখুৰী পাঠক বাবে দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ঘৰে ঘৰে প্ৰচাৰ চলাইছিল । বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) কৃপাৰাম শৰ্মাক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সমাজবাদী পাৰ্টিৰ (এছপি) সুনীল চৌধুৰীও এই আসনৰ প্ৰাৰ্থী ।