নেশ্যনেল ডেস্ক,২১ অক্টোবৰ: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়খনত এগৰাকী ডেংগু ৰোগীক প্ৰদান কৰা হৈছিল প্লাজমাৰ পৰিৱৰ্তে ফলৰ ৰস । যাৰ পৰিপ্ৰেক্ষিতত ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে(Dengue patient dies transfused fruit juice) । ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে চিকিৎসালয়খনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি চিকিৎসালয়খন বন্ধ ঘোষণা কৰে ।
ঘটনাটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত জিলা প্ৰশাসনে গ্ৰহণ কৰে তাৎক্ষণিক পদক্ষেপ । ৰোগীগৰাকীৰ লগত সেই ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰোগী প্ৰদীপ পাণ্ডেক আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তেঁওৰ মৃত্যু হয়(UP Prayagraj patient administers fruit juice) । ব্যক্তিগত চিকিৎসালয়খনৰ গৰাকীয়ে দাবী কৰিছিল যে প্লেটলেটবোৰ বেলেগ চিকিৎসা কেন্দ্ৰৰ পৰা অনা হৈছিল আৰু তিনিটা ইউনিট প্ৰদান কৰাৰ পিছত ৰোগীগৰাকীৰ দেহত প্ৰতিক্ৰিয়া দেখা গৈছিল(patient administered juice instead of platelets) ।
চিকিৎসালয়খনৰ গৰাকী সৌৰভ মিশ্ৰাই কয় যে যিহেতু ৰোগী প্ৰদীপ পাণ্ডেৰ প্লাজমাৰ স্তৰ ১৭,০০০ লৈ হ্ৰাস পাইছিল গতিকে তেঁওৰ আত্মীয়সকলক প্লাজমাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল । ৰোগীগৰাকীৰ আত্মীয়ই এছ আৰ এন চিকিৎসালয়ৰ পৰা পাঁচ ইউনিট প্লাজমা সংগ্ৰহ কৰিছিল । তিনিটা ইউনিট কৰাৰ পিছত ৰোগীৰ প্ৰতিক্ৰিয়া হোৱাত চিকিৎসকে প্লাজমা প্ৰদান বন্ধ কৰে ।
এই ঘটনাসন্দৰ্ভত এক টুইটযোগে উপ-মুখ্যমন্ত্ৰী পাঠকে কয় যে চিকিৎসালয়ত ভাইৰেল ভিডিঅ'টোত এজন ডেংগু ৰোগীক প্লাজমাৰ পৰিৱৰ্তে মৌচম্বীৰ ৰস প্ৰদান কৰা দেখা গৈছিল । যাৰ পৰিপ্ৰেক্ষিতত তেঁওৰ নিৰ্দেশনা অনুসৰি চিকিৎসালয়খন বন্ধ কৰা হৈছিল । আনহাতে প্লাজমা পেকেটবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি দোষী সাব্যস্ত হয়, চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও টুইটযোগে উল্লেখ কৰে । চিকিৎসালয়খন চীল কৰাৰ কাৰণ সম্পৰ্কে সোধা প্ৰশ্নত এজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে এইটো মুখ্য চিকিৎসা বিষয়াৰ নিৰ্দেশত কৰা হৈছে আৰু নমুনা পৰীক্ষা নোহোৱালৈকে চিকিৎসালয়খন বন্ধ থাকিব ।
লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটৰ্ঘনাগ্ৰস্ত