নেশ্যনেল ডেস্ক, 11 জুলাই :কানপুৰৰ দেহাত জিলাত 19 বৰ্ষীয় এজন যুৱকক বৰ্বৰভাৱে প্ৰহাৰ প্ৰেমিকাৰ পৰিয়ালৰ লোকৰ ৷ প্ৰেমিকা উচ্চবৰ্ণৰ আৰু প্ৰেমিক নিম্নবৰ্ণৰ হোৱা বাবে প্ৰেমিকাৰ পৰিয়ালৰ লোকে বাঁহৰ লাঠীৰে উপৰ্যুপৰি প্ৰহাৰ কৰে যুৱকজনক ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত শনিবাৰে তিনিজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে ৷
ঘটনাটো বৃহস্পতিবাৰেই সংঘটিত হৈছিল যদিও শুকুৰবাৰে যুৱকজনক প্ৰহাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে ৷ দেহাতৰ আৰক্ষী অধীক্ষক কেশৱ কুমাৰ চৌধুৰীয়ে জনোৱা অনুসৰি যুৱকজনক প্ৰহাৰ কৰা সময়ত লোককেইজনে যুৱকজন কোন জাতিৰ বুলি প্ৰশ্ন কৰে ৷ যুৱকজন অনুসুচিত জাতিৰ বুলি গম পোৱাৰ পিছতে অধিক বৰ্বৰভাৱে প্ৰহাৰ কৰে ৷