নেশ্যনেল ডেস্ক,১২ জুন :কেইবাজনো জোৱানে উত্তৰ প্ৰদেশ আৰক্ষীৰ পোছাকত লগালে দাগ । গুজৰাটৰ এগৰাকী ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে লুটিলে প্ৰায় ১.৪ কোটি টকা । পৰিদৰ্শকসহ ৭ গৰাকী আৰক্ষীক ইতিমধ্যে বৰ্খাস্ত কৰিছে ।
বৰ্খাস্ত আৰক্ষী জোৱানকেইজনৰ বিৰুদ্ধে আউৰিয়া জিলাৰ এজন বান্দাভিত্তিক ব্যৱসায়ীৰ কৰ্মচাৰীক অপহৰণ আৰু ডকাইতি কৰাৰ অভিযোগ আছিল । বৰ্খাস্ত আৰক্ষীকেইজনৰ ভিতৰত আছে এজন ষ্টেচন হাউচ বিষয়া, ৩ জন উপ-পৰিদৰ্শক আৰু কনিষ্টবল । তেওঁলোক ক্ৰমে ষ্টেচন হাউচ বিষয়া ৰমা কান্ত দুবে, উপ-পৰিদৰ্শক সুশীল কুমাৰ, মহেশ কুমাৰ,উৎকৰ্ষ চতুৰ্বেদী আৰু কনিষ্টবল ক্ৰমে মহেন্দ্ৰ কুমাৰ পেটেল, কপিল দেৱ পাণ্ডে আৰু শিৱচান্দ বুলি চিনাক্ত কৰা হৈছে । সকলোক বাৰাণসী জিলাৰ ভেলুপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল ।
আৰক্ষীয়ে জনোৱা মতে ১.৪ কোটি টকাৰ ডকাইতিৰ গোচৰৰ তদন্ত চলাই থকা হৈছে আৰু এতিয়ালৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে তেওঁলোকে এতিয়াও বৰ্খাস্ত কৰা ৭ জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই । আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ মতে কামত অৱহেলাৰ বাবে বৰ্খাস্ত কৰা আৰক্ষীসকলক প্ৰথমে নিলম্বিত কৰা হৈছিল ।ঘটনাটোৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে আৰক্ষীকেইজন ডকাইতিকাণ্ডত সক্ৰিয়ভাৱে জড়িত আছিল । শীৰ্ষ আৰক্ষীয়ে জনোৱা মতে ডকাইতিৰ সৈতে জড়িত আৰক্ষীকেইজনৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।