নেচনেল ডেস্ক,২০ মাৰ্চ :বিধানসভা নিৰ্বাচনত বৃহৎ জয়ৰ পাছত পুনৰ যোগী আদিত্য নাথৰ নেতৃত্বত উত্তৰ প্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে (BJP set to form government in Uttar Pradesh)। দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দেখা যাব যোগী আদিত্য নাথক । অহা ২৫ মাৰ্চত যোগী আদিত্য নাথে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে নেতাগৰাকীয়ে সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতক (Yogi Adityanath met RSS chief Mohan Bhagwat)। শনিবাৰে সন্ধিয়া গোৰখপুৰৰ আৰএছএছৰ প্ৰাদেশিক কাৰ্যালয় মাধৱ ধামত মোহন ভাগৱতক সাক্ষাৎ কৰে যোগী আদিত্য নাথে । প্ৰায় ২৫ মিনিট ধৰি দুয়োগৰাকী নেতা বিশেষ বৈঠকত মিলিত হয় ।