অসম

assam

ETV Bharat / bharat

অভিন্ন বিবাহ ৰীতি: কোনো ঠাইত হাঁহি নিষিদ্ধ, কোনো ঠাইত চুম্বন - মধ্য আফ্ৰিকা

আজৱ বিশ্ব,আজৱ বিবাহ ৰীতি ৷ মধ্য আফ্ৰিকাৰ এক বিশেষ অঞ্চলৰ বিবাহত নিষিদ্ধ হাঁহি ৷ হাঁহিলে কি বিবাহৰ গাম্ভীৰ্যতা হ্ৰাস পায় ? আনহাতে, চীনৰ এক প্ৰান্তত বিবাহৰ 30 দিন পূৰ্বৰ পৰাই কইনাই কান্দিবলৈ লয় ৷

Unknown Facts Etv bharat news
অভিন্ন বিবাহ ৰীতি

By

Published : Nov 15, 2020, 1:42 PM IST

নিউজ ডেস্ক,15 নৱেম্বৰ:এই মহাজাগতিক বিশ্বত যি কোনো ঘটনাই সম্ভৱ ৷ সাধাৰণতে বিবাহ বুলিলে আমি জানো আনন্দমুখৰ এক অনুষ্ঠান বুলি ৷ বন্ধু-বান্ধৱীৰ হাঁহি-ধেমালি, নাচ-গানৰে পৰিপূৰ্ণ এক অনুষ্ঠান ৷ কিন্তু এই পৃথিৱীত এনে কিছু ঠাই আছে, য’ত বিবাহৰ অনুষ্ঠানত হাঁহি নিষিদ্ধ ৷ কোনো অঞ্চলত আকৌ বিবাহৰ অনুষ্ঠানলৈ অহা পুৰুষসকলে কইনাক চুম্বন যাচিব পাৰে ৷

ইফালে আকৌ বিবাহ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ য’ত নিষিদ্ধ হাঁহি ৷ মধ্য আফ্ৰিকাত কংগোত হাঁহিয়েই বিবাহ ভংগৰ মূখ্য কাৰণ হৈ পৰিব পাৰে ৷ কিয়নো এই অঞ্চলৰ বিবাহত উপস্থিত লোকৰ মুখবোৰ গম্ভীৰ হৈ থকা দেখা যায় ৷ আনকি দৰা-কইনাৰ মুখতো হাঁহি দেখা নাযায় ৷ বিবাহৰ আৰম্ভণিৰে পৰা ভোজন পৰ্বলৈকে কাৰো মুখত হাঁহি দেখা নাযায় ৷ যদি কাৰোবাৰ মুখত হাঁহি দেখা যায়, তেন্তে বিয়াখনৰ প্ৰতি চৰম অপমান প্ৰদৰ্শন বুলি গণ্য কৰা হয় ৷ কংগোবাসীৰ মতে, যদি দৰা-কইনাই হাঁহে তেন্তে তেওঁলোকে সম্পৰ্কটোক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ৷ সেয়ে দৰা-কইনাই এনে আচৰণ প্ৰদৰ্শন কৰে যেন আত্মীয় কোনোবাৰ মৃত্যু ঘটিছে ৷

ইয়াৰ বিপৰীতে সম্পূৰ্ণ এক পৃথক ছবি দেখা যায় চীনৰ সীচাউন প্ৰদেশত ৷ এই প্ৰদেশত তুজিয়া নামৰ এটা জনগোষ্ঠী আছে ৷ প্ৰদেশখনত বিবাহযোগ্য পাত্ৰীয়ে বিয়াৰ এমাহৰ পূৰ্বৰে পৰা প্ৰতিদিনে এঘণ্টাৰ বাবে কান্দিবলৈ লয় ৷ দহ দিনৰ অন্তত কইনায়ে মাকৰ সৈতে একেলগে কান্দিবলৈ লয় ৷ এই প্ৰথাৰ দ্বাৰা পৰিয়ালৰ আধ্যাত্মিক বান্ধোনবোৰ সুদৃঢ় হয় বুলি বিশ্বাস কৰা হয় ৷

চুইডেনত আকৌ এক অদ্ভূত প্ৰথা প্ৰচলিত ৷ দৰাই যদি কোনো কাৰণত নিজৰ ঘৰ ত্যাগ কৰে তেন্তে বিবাহৰ দিনা যি কোনো পুৰুষে কইনাক চুম্বন কৰিব পাৰে ৷ আনহাতে, কইনাই ঘৰ এৰিলে ইয়াৰ বিপৰীত ছবি দেখা যায় ৷

এনেদৰে বিশ্বৰ ভিন্ন প্ৰান্তত চলি আছে আমোদজনক বিবাহৰ পৰম্পৰা ৷ যাক দেখি আচৰিত হৈ পৰিব পাৰে আপুনি ৷

লগতে চাওকঃবাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details