অসম

assam

অচিন ৰোগত আক্ৰান্ত হৈ ওড়িশাৰ মাথিলি খণ্ডত ছয় গৰাকী ব্যক্তিৰ মৃত্য়ু

By

Published : Sep 10, 2022, 9:01 PM IST

Updated : Sep 10, 2022, 9:31 PM IST

ওড়িশাৰ হালাদিকুণ্ডা গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈ বহুকেইগৰাকী ব্যক্তিৰ মৃত্য়ু । আক্ৰন্ত সকলৰ জ্বৰ হোৱাৰ সমান্তৰালৈ হাত আৰু ভৰি ফুলি উঠে(unknown disease in Odisha)। এই লৈ আতংকিত হৈ পৰিছে ৰাইজ । ইতিমধ্যে প্ৰশাসনৰ লগতে চিকিৎসকৰ এটা বিশেষ দল গাওঁখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে ।

unknown disease in Odisha
উড়িষাৰ মাথিলি খণ্ডত অচিন ৰোগত ছয় গৰাকীৰ মৃত্য়ু

নেশ্য়নেল ডেস্ক ,১০ছেপ্তেম্বৰ:ওড়িশাৰ মাথিলি খণ্ডৰ তেমৰুপল্লী পঞ্চায়তৰ অন্তৰ্গত হালাদিকুণ্ডা গাঁৱত এজন লোকৰ অচিন ৰোগত(unknown disease in Haladikunda)মৃত্যু ঘটাৰ তথ্য পোৱা গৈছে । ইয়াৰ পিছতে হালাদিকুণ্ডা গাঁওখনত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কাৰণ এই গাঁওখনত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে । এই তথ্য় সদৰি কৰিছে জিলা স্বাস্থ্য় বিভাগে ।

উল্লেখ্য় যে শেহতীয়াকৈ অচিন ৰোগত আক্ৰান্ত লোকজনৰ প্ৰথমে জ্বৰ আৰু ইয়াৰ পিছত হাত আৰু ভৰি ফুলি উঠে(unknown disease in Odisha)। পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও নিয়াৰ পথতেই লোকজনৰ মৃত্যু হয় । ইফালে মাথিলি কমিউনিটি হেল্থ চেণ্টাৰৰ(Mathili Community Health Centre)চিকিৎসক অমিয় কুমাৰ সোয়াইনে ছয়গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । আনহাতে, গাওঁবাসীয়ে যোৱা ১০ দিনত ১১ গৰাকীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে ।

উল্লেখ্য় যে ইয়াৰে পাঁচগৰাকীৰ বৃক্কৰ ৰোগত মৃত্যু হৈছে । ইপিনে, প্ৰশাসনৰ লগতে চিকিৎসকৰ এটা বিশেষ দল গাওঁখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি চিকিৎসকগৰাকীয়ে কয় । তেওঁ পুনৰ কয় যে ইতিমধ্যে ১৫ গৰাকীক চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে । গুৰুতৰভাৱে অসুস্থ চাৰিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য় যে চৰকাৰে দেশত দেখা দিয়া কিছুমান বিশেষ ৰোগৰ দৃশ্যপটৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ চনত(National Health Policy 2017)ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ৰাজহুৱা সেৱাৰ নিৰ্দিষ্ট ব্যৱধান সমাধান কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন বিৰল ৰোগৰ ব্যৱস্থাপনাৰ কথাও উল্লেখ কৰা হৈছিল । ইয়াৰ পিছতে ২০১৭ ৰ জুলাইত বিৰল ৰোগৰ চিকিৎসাৰ বাবে এক ৰাষ্ট্ৰীয় নীতি (NPTRD)প্ৰস্তুত কৰা হৈছিল । অৱশ্য়ে পৰৱৰ্তী সময়ত কাৰ্যকৰীকৰণৰ প্ৰত্যাহ্বানৰ বাবে ২০১৮ চনত এক বিশেষজ্ঞ সমিতিয়ে(Expert Committee on rare diseased in India) ইয়াৰ পুনৰীক্ষণ কৰিছিল । যোৱা বছৰৰ মাৰ্চত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা বিৰল ৰোগৰ বাবে এক বিস্তৃত ৰাষ্ট্ৰীয় নীতি ২০২১ অনুমোদিত হৈছিল ।

লগতে পঢ়ক:গোলাঘাটত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদ

Last Updated : Sep 10, 2022, 9:31 PM IST

ABOUT THE AUTHOR

...view details