নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী (Minister of state for external affairs) ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ ৷ বুধবাৰে মাজনিশা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ গৃহত সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তই ভাঙি চূচুৰ্মৈ কৰিলে মন্ত্ৰীগৰাকীৰ বাসগৃহৰ খিৰিকিৰ কাঁচ (External affairs V Muraleedharan house vandalised) ৷ লগতে ঘৰৰ চিৰিত পোৱা গৈছে তেজৰ চেকুঁৰা ৷ মন্ত্ৰীগৰাকীৰ তিৰুৱন্তপুৰমস্থিত গৃহত সংঘটিত হয় এই ঘটনা ৷
অৱশ্যে বৃহস্পতিবাৰে দুপৰীয়াহে পোহৰলৈ আহে এই ঘটনা ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বাসগৃহত নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা (Attack on minister V Muraleedharan house) ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা সদৰী কৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷ আনহাতে ঘৰত পোৱা তেজৰ চেকুঁৰা প্ৰেৰণ কৰা হৈছে ফৰেন্সিক পৰীক্ষাৰ বাবে ৷ এই ঘটনাৰে জড়িত কোনো লোককেই বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই কেৰালা আৰক্ষী ৷
লগতে পঢ়ক:Modi Speech in Rajya Sabha : যিমানেই বোকা চটিয়াব, সিমানেই পদুম ফুলিব: প্ৰধানমন্ত্ৰী