অসম

assam

ETV Bharat / bharat

কবিগুৰুৰ শৰীৰৰ বৰণক লৈ মন্তব্য কৰি সমালোচিত মন্ত্ৰী ড৹ সুভাষ সৰকাৰ

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ(Rabindranath Tagore)ৰ শৰীৰৰ ৰং সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিজেপিৰ লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ড৹ সুভাষ সৰকাৰ(Dr Subhash Sarkar) । এনে বিতৰ্কিত মন্তব্য কৰি নোবেল বঁটা বিজয়ী মনিষীগৰাকীক অপমান কৰা হৈছে বুলি অভিযোগ তুলি ড৹ সুভাষ সৰকাৰক তীব্ৰ সমালোচনা কৰিছে তৃণমূল কংগ্ৰেছে ।

Union Minister stokes controversy over remarks on Tagore's complexion
ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৰীৰৰ বৰণক লৈ মন্তব্যক কৰি সমালোচিত মন্ত্ৰী ড০ সুভাষ চৰকাৰ

By

Published : Aug 19, 2021, 2:22 PM IST

নেশ্যনেল ডেস্ক, ১৯ আগষ্ট: বুধবাৰে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ( Rabindranath Tagore)ৰ শৰীৰৰ বৰণক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ড৹ সুভাষ সৰকাৰ(Dr Subhash Sarkar)ক সমালোচনাৰে থকা-সৰকা কৰিছে তৃণমূল কংগ্ৰেছে । বুধবাৰে পশ্চিমবংগৰ বোলপুৰ-শান্তি নিকেতনস্থিত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে, ৰবীন্দ্ৰ নাথ ঠাকুৰৰ শৰীৰৰ ৰং বেছি বগা নাছিল বাবে মাতৃয়ে তেওঁক আঁকোৱালি ল'বলৈ অস্বীকাৰ কৰিছিল । সেই সময়ত অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী তেওঁৰ কাষতে আছিল । তেওঁ কয় যে, ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পৰিয়ালৰ আন সদস্যসকলৰ বৰণ যথেষ্ট বগা আছিল ।

কিন্তু, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছালৰ ৰং তেওঁলোকতকৈ পৃথক আছিল আৰু সেয়ে, শৈশৱ কালত মাতৃৰ লগতে তেওঁৰ পৰিয়ালৰ আন কেইবাজনো সদস্যই তেওঁক আঁকোৱালি ল'বলৈ অস্বীকাৰ কৰিছিল । অৱশ্যে, নিজৰ কৰ্মৰাজিৰে পিছত তেওঁ বিশ্ববিখ্যাত হৈ পৰে বুলি মন্তব্য কৰিছিল মন্ত্ৰী সৰকাৰে । মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পশ্চিমবংগত বৰ্তমান শাসন কৰি থকা তৃণমূল কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে ড৹ সুভাষ সৰকাৰক ।

এনে বিতৰ্কিত মন্তব্য কৰি নোবেল বঁটা বিজয়ী মনিষীগৰাকীক অপমান কৰা হৈছে বুলি অভিযোগ তুলিছে দলটোৱে । পশ্চিমবংগৰ একাংশ শিক্ষাবিদেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্যক লৈ সমালোচনা কৰে । তেওঁলোকে কয় যে, কবিগুৰুৱে নিজেই তেওঁৰ বহুতো কিতাপত স্বীকাৰ কৰিছিল যে, তেওঁৰ ছালৰ ৰং বগা নহয় ।

কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, ছালৰ ৰং বগা নহয় বাবে তেওঁৰ মাতৃয়ে তেওঁক আঁকোৱালি ল'বলৈ অস্বীকাৰ কৰিছিল । ঠাকুৰ পৰিয়ালৰ সদস্য সুপ্ৰিয় ঠাকুৰে কয় যে, শৰীৰৰ বৰণেৰে সম্পৰ্কিত বহুতো আকৰ্ষণীয় কাহিনী আছে । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিত্তিহীন মন্তব্য় কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যক অপমানজনক আখ্যা দিয়ে ।

লগতে পঢ়ক:তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

ABOUT THE AUTHOR

...view details