নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :উত্তৰ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ নৱাব বাগত থকা জম্মু-কাশ্মীৰৰ প্ৰথমখন চৰকাৰী উনানী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উনানী ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ মুকলি কৰা হ'ব । আয়ুষ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব প্ৰথমটো শিক্ষাবৰ্ষ । অনুষ্ঠানটোত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাও উপস্থিত থাকিব ।
আয়ুষ মন্ত্ৰালয়ে কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ (CSS) অধীনত ৩২.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাশ্মীৰৰ উনানী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে ১৭ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে । জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষকৈ কাশ্মীৰৰ উনানী চিষ্টেম অৱ মেডিচিনৰ (Unani system of Medicine) থলুৱা ঔষধ প্ৰণালীৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ লোৱা হৈছে । চিকিৎসা মহাবিদ্যালয় খনে ১৩৬ খন গাঁৱৰ প্ৰায় তিনি লাখ লোকক সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে আৰু লগতে শ্ৰীনগৰ, বাৰামুলা আৰু বান্দিপোৰা জিলাৰ ৰাইজৰ বাবেও সেৱা আগবঢ়াব ।
কেন্দ্ৰীয় শাসিত অঞ্চলত ঔষধৰ বৈকল্পিক প্ৰণালীৰ গুৰুত্বক স্বীকৃতি দি মন্ত্ৰালয়ে কয় যে ই লোকসকলক মৌলিক স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ জীৱনশৈলী সম্পৰ্কীয় সমস্যা উন্নত কৰিবলৈ সংকল্পবদ্ধ ।