অসম

assam

কোচিত 5খনকৈ অত্যাধুনিক জাহাজ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Nov 2, 2021, 1:36 PM IST

তিনিদিনীয়া ভ্ৰমণসূচীৰে কোচিত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) । সোমবাৰে কোচিত ৫ খন অত্যাধুনিক জাহাজ মুকলি কৰা হয় । কোচি শ্বিপয়াৰ্ড লিমিটেডৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Union Minister Sarbananda Sonowal
কোচিত জাহাজ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ: সোমবাৰে কোচি শ্বিপয়াৰ্ড লিমিটেডত ৫ খনকৈ অত্যাধুনিক জাহাজ মুকলি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) । কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণৰ পাচত প্ৰথমবাৰৰ বাবে সোণোৱালে কোচি ভ্ৰমণলৈ যায় ৷

তিনিদিনীয়া ভ্ৰমণসূচীৰে কোচিত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ কোচি শ্বিপয়াৰ্ড লিমিটেডৰ পাঁচগৰাকী শীৰ্ষ মহিলা কৰ্মচাৰীয়ে জাহাজকেইখন উদ্বোধন কৰে ।

মন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ বাবে তিনিটাকৈ ফ্লোটিং বৰ্ডাৰ আউটপোষ্ট আৰু নৰৱেৰ এএছকেঅ' সামুদ্ৰিক এএছৰ বাবে দুখন সম্পূৰ্ণ বৈদ্যুতিক ফেৰীৰ শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধন কৰে । এই ফেৰীকেইখন বিশ্বৰ প্ৰথম অট'নমাছ ফেৰীৰ ভিতৰত অন্যতম । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাহাজ উদ্যোগৰ বাবে প্ৰযুক্তিগত আৰু বহনক্ষম সমাধানৰ দিশত অৱদান আগবঢ়োৱাৰ বাবে চিএছএলৰ শলাগ লয় । তেওঁ দেশৰ প্ৰথমটো থলুৱা বিমান বাহক আইএনএছ বিক্ৰান্তৰ নিৰ্মাণ কৰাৰ বাবে চিএছএলৰ প্ৰশংসা কৰে ।

বৰ্তমান আইএনএছ বিক্ৰান্তৰ দ্বিতীয় সামুদ্ৰিক পৰীক্ষণ চলি আছে । ইতিমধ্যে সফলভাৱে প্ৰথম সামুদ্ৰিক পৰীক্ষণ সম্পূৰ্ণ কৰিছে আইএনএছ বিক্ৰান্তে । এই গুৰুত্বপূৰ্ণ আৰু কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ সোণোৱালে যোৱা ২১ অক্টোবৰত সাগৰীয় পৰীক্ষণৰ সময়ত উপস্থিত আছিল ।

সোণোৱালে কয় যে, আইএচিৰ সামুদ্ৰিক পৰীক্ষণৰ সফলতা 'আত্মনিৰ্ভৰশীলতা'ৰ বাবে দেশে কৰা অন্বেষণৰ প্ৰকৃত প্ৰতিফলন" ৷ মন্ত্ৰীগৰাকীয়ে এই সাফল্যৰ বাবে চিএছএল, ভাৰতীয় নৌসেনা, বিভিন্ন অ'ইএম আৰু প্ৰকল্পটোৰ সৈতে জড়িত সকলো অংশীদাৰক প্ৰশংসা কৰে । আইএচি হৈছে দেশৰ ভিতৰতে আটাইতকৈ বেছি যুদ্ধ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান । কেন্দ্ৰীয় চৰকাৰে ভৌগোলিক সম্প্ৰসাৰণ আৰু ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত চলোৱা সকলো ধৰণৰ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ।

মেৰিটাইম ইণ্ডিয়া ভিজন 2030-ৰ জৰিয়তে, চৰকাৰে ভাৰতক জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ বাবে এক উৎকৃষ্ট স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে । সোণোৱালে কয় যে, চিএছএল এই প্ৰচেষ্টাৰ মুখ্য অংশীদাৰ । ভাৰতৰ জাহাজ নিৰ্মাণ উদ্যোগৰ ইতিহাস আৰু প্ৰাসংগিকতাৰ বিষয়ে বুজিব পৰাকৈ স্থাপন কৰা এছএমআৰআইটিএইচআই-ৰ নতুন আৰ্হিৰ কোঠাও উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । চিএছএলৰ প্ৰশাসনিক ভৱনৰ মডেল ৰুমে চিএছএলৰ ৫০ বছৰীয়া ইতিহাসৰ বিষয়ে সুন্দৰকৈ দাঙি ধৰিছে ।

এছএমআৰআইটিএইচআইত যোৱা পাঁচ দশকত চিএছএলে নিৰ্মাণ কৰা জাহাজবোৰ প্ৰদৰ্শন কৰা হৈছে । দেশৰ প্ৰথম থলুৱা নিৰ্মিত বিমান বাহকৰ পৰা অট'নমাছ জাহাজ আৰু স্থানীয় পৰিবহণৰ বাবে ফেৰী পৰ্যন্ত এই সকলোবোৰ প্ৰদৰ্শন কৰা হৈছে । বৰ্তমান মডেল ৰুমটোত ১৪ খন জাহাজৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে ।

অৱশ্যে জাহাজৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । চিএছএলৰ স্বীকৃত চিএছআৰ কাৰ্যসূচীৰ অধীনত কফি টেবল বুকো মন্ত্ৰীজনে মুকলি কৰে । এই ভ্ৰমণকালত সোণোৱালে চিএছএলৰ জাহাজ ভৱন আৰু জাহাজ মেৰামতি সুবিধাসমূহ পৰিদৰ্শন কৰে । তেওঁ কোচিৰ ৱিলিংডন দ্বীপত চিএছএলে স্থাপন কৰা আন্তৰ্জাতিক জাহাজ মেৰামতি সুবিধাৰ বিষয়েও বুজ লয় ।

লগতে পঢ়ক: ইডিৰ কাৰ্যালয়ত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

ABOUT THE AUTHOR

...view details