আগৰতলা,১৬ ফেব্ৰুৱাৰী : '২০১৪ চনৰ পৰাহে উত্তৰ-পূৱৰ উন্নয়ন আৰম্ভ হৈছে । পূৰ্বৰ ইউপিএ চৰকাৰে উত্তৰ-পূৱৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল ।'এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ত্ৰিপুৰাৰ আগৰতলা বিজেপি কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি পূৰ্বে কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে (Sarbananda Sonowal criticises UPA govt for neglecting NE)।
তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে এই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সম্ভৱ হৈছে । কংগ্ৰেছ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰাৰ অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । উত্তৰ-পূৱৰ বৰ্তমানৰ চৰকাৰৰ মনোভাৱৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে সকলো কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ-পূব অঞ্চল ভ্ৰমণ কৰিবলৈ আৰু অঞ্চলটোত কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ সঠিক ৰূপায়ণৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিছে । যাৰবাবে বৰ্তমান উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যই ভাৰতৰ মানচিত্ৰত সামৰ্থ আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।