আগৰতলা,১৭, জুলাই: 'কেন্দ্ৰীয় চৰকাৰে দেশৰ লগতে ত্ৰিপুৰাৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে কাম কৰি আছে ৷' এই মন্তব্য় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ (Union Minister Pratima Bhoumik)। শনিবাৰে ত্ৰিপুৰাত মন্ত্ৰী প্ৰতিমা ভৌমিকে এইদৰে মন্তব্য় কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য অঞ্চলত বিত্তীয় বিকাশৰ বাবে অগ্ৰাধিকাৰ দিছে ৷ চৰকাৰৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিখন গাৱৰ আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক মান উন্নত কৰা ।
কেন্দ্ৰীয় চৰকাৰে গাওঁ পৰ্যায়ত স্ব-শাসনৰ সঠিক ৰূপায়ণৰ দ্বাৰা দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়,'প্ৰধানমন্ত্ৰীয়ে মান কি বাতত MPlad fund পুঁজিৰ সহায়ত প্ৰতিখন গাঁৱত এটাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে (Maan ki baat)।' তেওঁ লগতে উল্লেখ কৰে যে ২০২৩ চনৰ ভিতৰত ত্ৰিপুৰাৰ প্ৰতিখন গাঁৱত এটাকৈ 'অমৃত সৰোবৰ' নিৰ্মাণ কৰা হ'ব (Amrit Sarovar)।