নেচনেল ডেস্ক, 9 মে': কেন্দ্ৰীয় মন্ত্ৰী তথা বালাচোৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰতাপ চাৰংগীয়ে দেওবাৰে ওড়িশাৰ বালাচোৰ জিলাৰ নীলগিৰি অঞ্চলৰ পোডাচুলা চকৰ ওচৰত এক পথ দুৰ্ঘটনাত পতিত হয় । জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গাড়ীখন বিপৰীত দিশৰ পৰা অহা ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।
দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চাৰংগীৰ বাহন - দুগ্ধজাত
কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চাৰংগীয়ে দেওবাৰে ওড়িশাৰ বালাচোৰত দুৰ্ঘটনাত পতিত হয় ৷ ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত আহত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চাৰংগী
মন্ত্ৰীজনৰ লগত থকা পি এছ অ'ৰ লগতে চালকো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাত পতিত মন্ত্ৰীগৰকীক চিকিৎসালয়লৈ ততাতৈয়াকৈ নি চিকিৎসা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, প্ৰতাপ চাৰংগী হৈছে ভাৰত চৰকাৰৰ পশুপালন, দুগ্ধজাত, মীনপালন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ।
লগতে পঢ়ক :চেঁচা চাহ বাগিচাত ভেকচিন প্ৰদান কাৰ্যসূচী