নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ :উত্তৰাখণ্ডৰ উত্তৰকাশীত সুৰংগৰ দুৰ্ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এসপ্তাহ ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক । শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ লৈছে যদিও এতিয়ালৈ কোনো পৰিকল্পনা সফল হোৱা নাই । ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উত্তৰকাশীত উপস্থিত হৈছে । য'ত তেওঁলোকে চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে । তেওঁলোকৰ সৈতে মুখ্য সচিব এছ এছ সান্ধুও উত্তৰকাশীত উপস্থিত হৈছে ।
উল্লেখ্য যে, ১২ নৱেম্বৰৰ পুৱা উত্তৰকাশীৰ নিৰ্মীয়মান চিল্কিয়াৰা সুৰংগত হোৱা ভূমিস্খলনৰ ফলত ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে । এনে পৰিস্থিতিত, তেওঁলোকক সুৰক্ষিতভাৱে বাহিৰ লৈ অনাৰ বাবে অভিযান চলাই থকা হৈছে । আজি দুৰ্ঘটনাটোৰ অষ্টম দিন । একে সময়তে, চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, চিনিয়ালিচাউৰ বিমানবন্দৰত এটা সেনা কোম্পানী মোতায়েনৰ প্ৰস্তুতি চলি আছে । চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাত সাহায্য আৰু উদ্ধাৰৰ দায়িত্বত থকা কৰ্ণেল দীপক পাটিলে এই তথ্য প্ৰদান কৰিছে ।