নেশ্যনেল ডেস্ক,৪ আগষ্ট :বিৰোধী সাংসদসকলক ইডিৰ অভিযান সম্পৰ্ক সকীয়নি প্ৰদান বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখীৰ । লোকসভাত এক বিধেয়ক সম্পৰ্কে বিতৰ্ক চলি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে বিৰোধী সাংসদসকলৰ বাসগৃহত সম্ভাব্য ইডিৰ অভিযানক লৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে । মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ তীব্ৰ উত্তেজনাৰো সৃষ্টি হৈছে ।
দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক সন্দৰ্ভত কেন্দ্ৰৰ পক্ষৰ হৈ মন্তব্য দিয়াৰ সময়তে লেখীয়ে বিৰোধীপক্ষক শান্ত হৈ থাকিবলৈ আৰু ইডিয়ে তেওঁলোকৰ ঘৰত যোৱাৰ সম্ভাৱনাৰ সন্মুখীন হ'বলৈ কয় । সাংসদসকলে তেওঁৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে । কিন্তু পাছত লেখীয়ে এই মন্তব্যটো ধেমালিতেহে কৰিছিল বুলি উল্লেখ কৰে ।
বিতৰ্কত থকা দিল্লী অধ্যাদেশ বিধেয়কখনক লৈ সংসদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ চেষ্টা কৰে যদিও বৃহস্পতিবাৰে বিৰোধীয়ে প্ৰতিবাদস্বৰূপে ৱাকআউট কৰাৰ পাছত লোকসভাই ধ্বনি ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত কৰে । লেখীয়ে সংসদত হিন্দীতে কয়, 'এক মিনিট ধৈৰ্য্য ধৰক, নীৰৱে থাকক, নহ'লে ইডি আপোনাৰ ঘৰলৈ যাব ।' লেখীৰ এই বিবৃতিটোৱে সংসদৰ নিম্ন সদনত তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰিছে । বিৰোধী সাংসদসকলে ইডিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে ।