নেশ্যনেল ডেস্ক, 18 আগষ্ট: নৱনিযুক্ত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে শুকুৰবাৰে কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই বিষয়ে ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে ৷ তেওঁ কয় যে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে, কিন্তু পূৰ্বৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত এবাৰো আমেথিলৈ তেওঁ অহা নাই ৷’’
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাহুলে কোন মুখেৰে আমেথিৰ জনসাধাৰণৰ ওচৰলৈ যাব । স্মৃতি ইৰাণীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো তেওঁ একেৰাহে পাঁচ বছৰ ধৰি আমেথিৰ জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিছে । কিন্তু ৰাহুলে আমেথিৰ লোকসকলৰ ফালে ঘূৰিও চোৱা নাই যেতিয়া ৰাইজে সুধিব, তেওঁ কি উত্তৰ দিব ? উত্তৰ প্ৰদেশ কংগ্ৰেছেও ৰাহুলক পছন্দ কৰা নাই, ৰাইজেও ৰাহুলক পছন্দ নকৰে ৷’’
উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে লগতে উল্লেখ কৰিছিল যে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে ৷