নিউজ ডেস্ক, ২৮ নৱেম্বৰ : সোমবাৰে বিহাৰ ৰাজ্যিক শিক্ষা বিভাগে ২০২৪ বৰ্ষৰ বাবে বন্ধৰ কেলেণ্ডাৰ প্ৰকাশ কৰে । প্ৰকাশিত কেলেণ্ডাৰ অনুসৰি, এইবাৰ বিহাৰৰ চৰকাৰী বিদ্যালয়সমূহত বন্ধৰ দিন যথেষ্ট কৰ্তন কৰা হৈছে । হিন্দু ধৰ্মৰ সৈতে সম্পৰ্কিত বহু গুৰুত্বপূৰ্ণ উৎসৱত বন্ধ দিয়া হোৱা নাই । বিজেপিয়ে ইয়াত তীব্ৰ আপত্তি জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙেও এই সিদ্ধান্তক সমালোচনা কৰিছে ।
বিজেপিৰ আক্ৰমণাত্মক নেতা হিচাপে পৰিচিত গিৰিৰাজ সিঙে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, "ইছলামিক ৰিপাব্লিক অব বিহাৰ । নীতিশ আৰু লালু চৰকাৰে বিদ্যালয়ত মুছলমান উৎসৱৰ বন্ধ বৃদ্ধি কৰিছে, হিন্দু উৎসৱত বন্ধ কমাইছে ।"
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে তেওঁৰ আন এটা পোষ্টত লিখিছে, "বিহাৰত বহুতো হিন্দু উৎসৱৰ বন্ধ বাতিল কৰা হৈছে আৰু ঈদ-মহৰমৰ বন্ধ বৃদ্ধি কৰা হৈছে । এয়াও হৈছে গজৱা-ই-হিন্দৰ এক অংশ ।"