অসম

assam

ETV Bharat / bharat

World Book Fair 2023 : ২৫ ফেব্ৰুৱাৰীত বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে - Azadi ka Amrit Mahotsav

গ্ৰন্থৰ মহাকুম্ভ অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ প্ৰগতি ময়দানত আৰম্ভ হ'ব । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উদ্বোধন কৰিব বিশ্ব গ্ৰন্থমেলা । এই গ্ৰন্থমেলাত প্ৰৱেশ মাচুল প্ৰাপ্তবয়স্কসকলৰ বাবে 20 টকা আৰু শিশুসকলৰ বাবে 10 টকা (World Book Fair 2023) ।

Book Fair
Book Fair

By

Published : Feb 23, 2023, 10:00 PM IST

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : গ্ৰন্থপ্ৰেমীসকলৰ বাবে সুখবৰ । অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীৰ প্ৰগতি ময়দানত আৰম্ভ হ'ব বিশ্ব গ্ৰন্থমেলা (World Book Fair 2023) । অৱশ্যে এই বিশ্ব গ্ৰন্থমেলাত প্ৰৱেশৰ বাবে মাত্ৰ ২০ টকা খৰচ কৰিব লাগিব । যদি শিশু হয় তেন্তে এই মাচুল 10 টকা । উল্লেখ্য, নেচনেল বুক ট্ৰাষ্টৰ (National Book Trust, NBT) অধীনত আয়োজিত এই বিশ্ব গ্ৰন্থমেলাই ইতিমধ্যে 50 বছৰ সম্পূৰ্ণ কৰিছে । নতুন দিল্লীত অনুষ্ঠিতব্য এই বিশ্ব গ্ৰন্থমেলা (New Delhi World Book Fair) অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চ, ২০২৩-লৈকে চলিব ।

২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গ্ৰন্থমেলাৰ উদ্বোধন কৰিব (Central Education Minister Dharmendra Pradhan) । ইয়াৰ পিছত গ্ৰন্থপ্ৰেমীসকলে পুৱা 11 বজাৰ পৰা নিশা 8 বজালৈ গ্ৰন্থৰ সুবাস ল'বলৈ আহিব পাৰে । বিদ্যালয়ৰ শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু বিকলাঙ্গসকলৰ বাবে এই গ্ৰন্থমেলাত প্ৰৱেশ বিনামূলীয়া । গ্ৰন্থপ্ৰেমীসকলে গ্ৰন্থমেলাত প্ৰৱেশৰ বাবে www.itpoonline.gov.in ৱেবছাইটৰ পৰা অনলাইন টিকটো ক্ৰয় কৰিব পাৰে । এই গ্ৰন্থমেলাত প্ৰৱেশদ্বাৰ হৈছে ৪ আৰু ১০ নম্বৰ (world book fair at pragati moidan delhi) ।

গ্ৰন্থমেলাত ফ্ৰান্স অতিথি দেশ : ফ্ৰান্সে প্ৰগতি ময়দানত অনুষ্ঠিত হ'বলগীয়া বিশ্ব গ্ৰন্থমেলাত অতিথি দেশ হিচাপে যোগদান কৰিছে । গ্ৰন্থমেলাখনত গ্ৰন্থপ্ৰেমীসকলে বিদেশী পেভিলিয়নত ফৰাচী সাহিত্য আৰু সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব । ইয়াৰ উপৰি বিদেশী পেভিলিয়নত বহুতো সাহিত্যিক কাৰ্যসূচীও থাকিব ।

আজাদী কা অমৃত মহোৎসৱ থীম : ভাৰতৰ স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰ আৰু আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উপলক্ষত গ্ৰন্থমেলা আয়োজিত হ'ব । গ্ৰন্থমেলাত বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় আন্দোলন আদিৰ ওপৰত ৭৫০-তকৈও অধিক শিৰোনামৰ এক বিশেষ প্ৰদৰ্শনী আৰু ডিজিটেল প্ৰদৰ্শনীত শতাধিক প্ৰকাশকৰ কামৰ দ্বাৰা বিগত ৭৫ বছৰত ভাৰতৰ সাফল্য প্ৰদৰ্শন কৰা হ'ব । লগতে থাকিব আলোচনা-চক্ৰও । গ্ৰন্থ আৰু আলোকচিত্ৰ প্ৰদৰ্শনী, গ্ৰন্থ প্ৰকাশৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হ'ব ।

জি-২০ (G 20) পেভিলিয়নো থাকিব :এই বছৰৰ বিশ্ব গ্ৰন্থমেলাত থীম পেভিলিয়নৰ উপৰি জি-২০-ৰ ওপৰত বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানো অনুষ্ঠিত হ'ব । জি-২০ বিষয়টো NowBF-ৰ সৈতে একত্ৰিত কৰা হ'ব আৰু গ্ৰন্থমেলাৰ সময়ত জি-২০ সদস্য দেশসমূহৰ গ্ৰন্থ প্ৰদৰ্শনৰ দৰে কাৰ্যসূচী আয়োজন কৰা হ'ব ।

শিশুসকলৰ বাবে এটা বিশেষ মণ্ডলো থাকিব : শিশু সাহিত্য আৰু পঢ়াৰ অভ্যাস যেনে স্কিট, নাটক, বাটৰ নাট, সাধুকোৱা কৰ্মশালাৰ দৰে বিভিন্ন কাৰ্যসূচী থাকিব । প্ৰখ্যাত লেখক আৰু চিত্ৰশিল্পীৰ লগতে শিক্ষা আৰু প্ৰকাশন খণ্ডৰ পেছাদাৰীসকলৰ দ্বাৰা পৰিচালিত এই কাৰ্যসূচীবোৰত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়, অন্যান্য সংগঠনৰ লগতে শিশু সাহিত্যৰ সৈতে জড়িত শিক্ষক আৰু শিশু বা অন্যান্য দক্ষ উদ্যোক্তাৰ অংশগ্ৰহণ দেখা যাব ।

লেখকৰ বাবেও থাকিব বিশেষ মঞ্চ : গ্ৰন্থমেলাৰ বিভিন্ন হলবোৰ নান্দনিকভাৱে ডিজাইন কৰা হৈছে । তাত থকা লেখকৰ মঞ্চবোৰত সংলাপ, পেনেল আলোচনা, ঘৰুৱা প্ৰকাশক, লেখক আৰু গ্ৰন্থপ্ৰেমীসকলৰ বাবে গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান আছে । লেখকৰ মঞ্চ আৰু সাহিত্য মঞ্চত লেখকে লিখা কিতাপবোৰৰ বিষয়ে গ্ৰন্থপ্ৰেমীসকলক কোৱা হ'ব ।

স্বাধীনতাৰ অমৃত মহোৎসৱত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে যুৱসকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে যুৱ-প্ৰধানমন্ত্ৰী যোজনা নামৰ এক আঁচনি আৰম্ভ কৰে । এই লেখকসকলে বিশেষভাৱে ডিজাইন কৰা য়ুথ কৰ্ণাৰত গ্ৰন্থপ্ৰেমী, দৰ্শনাৰ্থী আৰু অন্যান্য পেনেলিষ্টসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

লগতে পঢ়ক :Delhi riots 2020 : দিল্লীৰ সংঘৰ্ষই সম্পূৰ্ণ কৰিলে ৩ বছৰ

ABOUT THE AUTHOR

...view details