আগৰতলা , 12 ছেপ্তেম্বৰ :ক'ভিড-19(Covid 19)ৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ কথা বিবেচনা কৰি যুদ্ধকালীন প্ৰচেষ্টাৰে ভাৰতে স্বাস্থ্য ব্যৱস্থা উন্নীত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভাৰত চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ ভাৰতী পাৱাৰ(Dr Bharati Pawar) শনিবাৰে এই কথা প্ৰকাশ কৰে ৷
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি উপ-স্বাস্থ্য কেন্দ্ৰৰ স্তৰলৈকে পৰ্যাপ্ত সকলো সুবিধা নিশ্চিত কৰাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ তেওঁ কয় যে, এই প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নীত কৰা হৈছে, লগতে জিলা পৰ্যায়ৰ চিকিৎসালয়সমূহত paediatric unit ৰ দৰে অত্যাৱশ্যকীয় ৱাৰ্ডসমূহ আৰম্ভ কৰা হৈছে আৰু পাইপলাইন অক্সিজেন যোগানৰ দৰে সঁজুলি আদিৰ ব্যৱস্থা কৰা হৈছে ৷
দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচী লৈ মন্ত্ৰীগৰাকী ত্ৰিপুৰাত উপস্থিত হৈছে ৷ এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ লগতে কেইখনমান গুৰুত্বপূৰ্ণ চিকিৎসালয়ো পৰিদৰ্শন কৰিব ৷ ইয়াৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে আগৰতলাস্থিত উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ কৰ্কট ৰোগ চিকিৎসালয় অটল বিহাৰী বাজপেয়ী আঞ্চলিক কৰ্কট চিকিৎসালয়(Atal Bihari Vajpayee regional cancer hospital) পৰিদৰ্শন কৰে ৷
লগতে পঢ়ক :অসম-ত্ৰিপুৰা সীমান্তত সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায়