নেশ্যনেল ডেস্ক,৬ মাৰ্চ :বিদেশৰ ভূমিত ভাৰতক বদনাম কৰাৰ অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে (Anurag Thakur slams Rahul Gandhi)। মন্ত্ৰীগৰাকীৰ মতে ৰাহুল গান্ধীয়ে নিজৰ বিফলতা লুকুৱাবলৈ এনে কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰি কয় যে ৰাহুল গান্ধীয়ে পূৰ্বেও পৰিকল্পিতভাৱে দেশক বদনাম কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীৰ মতে ৰাহুল গান্ধী এতিয়া বিবাদৰ ধুমুহা হৈ পৰিছে ।
উল্লেখ্য যে লণ্ডনত ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বক্তব্য ৰাখি বিবিচিৰ কাৰ্যালয়ত শেহতীয়াকৈ চলোৱা অভিযানক লৈ ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰাৰ পাচতে ঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Rahul Gandhi IJA speech)। ৰাহুল গান্ধীয়ে বিবিচিৰ কাৰ্যালয়ৰ অভিযানক কণ্ঠস্বৰ দমন কৰাৰ পদক্ষেপ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে যদি বিবিচিয়ে কেন্দ্ৰৰ বিৰুদ্ধে লিখা বন্ধ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰা হ'ব ।
ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰিছিল যে বিজেপিয়ে এখন নতুন ভাৰত গঢ়ি তোলাৰ বাবে দেশক নীৰৱ কৰিবলৈ চেষ্টা কৰি আছে । তেওঁ কৈছিল যে যোৱা ৯ বছৰ ধৰি সকলোৱে এই কণ্ঠস্বৰ দমনৰ বিষয়ে অৱগত (Rahul slams BJP govt)। কেন্দ্ৰৰ বিৰুদ্ধে কথা কোৱা সাংবাদিকসকলক আক্ৰমণ আৰু ভাবুকি দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে ।