অসম

assam

ETV Bharat / bharat

JGLC in Arunachal Pradesh: মাচুল দিব নোৱাৰাক বিনামূলীয়া আইনী সেৱা আগবঢ়াবলৈ আহ্বান কিৰেণ ৰিজিজুৰ - District and Sessions Judges Court in Khonosa

অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত পূৰ্বতে কোনো ধৰণৰ আদালতৰ ব্যৱস্থা নাছিল । সেয়েহে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে নামছাইত জে এম এফ চিৰ প্ৰথম শ্ৰেণীৰ নতুন আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰে (JMFC at Arunachal) ।

JGLC inaugurated at Arunachal
জাৰ্বম গামলিন আইন মহাবিদ্যালয় উদ্বোধন

By

Published : Apr 24, 2023, 1:16 PM IST

তেজপুৰ, ২৪ এপ্ৰিল :অৰুণাচল প্ৰদেশত স্থাপন হ'ল আইন মহাবিদ্যালয় । কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে দেওবাৰে জোটেৰ জাৰ্বম গামলিন আইন মহাবিদ্যালয় উদ্বোধন কৰে । দেওবাৰে জোটেৰ জাৰ্বম গামলিন আইন মহাবিদ্যালয়ত (JGLC inaugurated at Arunachal) ‘মেগা লিগেল ছাৰ্ভিচেছ কেম্প’ আৰু প্ৰ’ ব’নো ক্লাৱো তেওঁ উদ্বোধন কৰে (Mega Legal Services Camp at Arunachal Pradesh)। এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ ছাত্ৰ -ছাত্ৰীয়ে আইনৰ শিক্ষা নিজ ৰাজ্যতে গ্ৰহণ কৰিব পাৰিব ।

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সকলো খণ্ডতে অসংখ্য জনকেন্দ্ৰিক আৰু উন্নয়নমূলক পেকেজ প্ৰদান কৰি আছে (Union Law Minister Kiren Rijiju)। কিন্তু বিভিন্ন কাৰণত পলমকৈ ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰাটোৱে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি প্ৰদানৰ ক্ষেত্ৰত উজুটি খাইছে বুলি মন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে আইনৰ সুবিধাসমূহ জানিবলৈ এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰে ।

জাৰ্বম গামলিন আইন মহাবিদ্যালয় উদ্বোধন

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে পুনৰ কয় যে অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত পূৰ্বতে কোনো ধৰণৰ আদালতৰ ব্যৱস্থা নাছিল আৰু সকলো আইনী কাৰ্যকলাপ জিলা উপায়ুক্ত তথা দণ্ডাধীশৰ অধীনত চলি আহিছিল । ৰিজিজুৱে কয় যে চৰকাৰে তেওঁলোকৰ কল্যাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে ৰাইজক বিশেষকৈ সকলোকে সজাগ কৰিব লাগে ৷ লগতে তেওঁ কয় যে যিসকল লোকে মাচুল দিব নোৱাৰে তেওঁলোকক বিনামূলীয়া আইনী সেৱা আগবঢ়াব লাগে ।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে নামছাইত জে এম এফ চিৰ প্ৰথম শ্ৰেণীৰ নতুন আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰে । তদুপৰি খোনোছাত জিলা আৰু সত্ৰ ন্যায়াধীশৰ বাবে আদালত ভৱন উদ্বোধন কৰা হয় (District and Sessions Judges Court in Khonosa)। আনহাতে, বমডিলাত মুখ্য ন্যায়িক দণ্ডাধীশৰ বাবে আদালত ভৱনো তেওঁ উদ্বোধন কৰে ।

লগতে পঢ়ক:Soil Testing Laboratory: নলবাৰীত ভ্ৰাম্যমাণ ভূমি পৰীক্ষাগাৰ আগঢ়ালে মেটিক্স ফাৰ্টিলাইজাৰ কেমিকেল লিমিটেডে

ABOUT THE AUTHOR

...view details