নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে (Preparations of BJP for Lok Sabha Election)। এই প্ৰস্তুতিৰ অংশ ৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা ২৯ জানুৱাৰীত পাটিয়ালাত এখন ৰেলীত অংশগ্ৰহণ কৰিব (Union Home Minister Amit Shah rally in Patiala) । উল্লেখ্য় যে পাটিয়ালা হৈছে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্গ । বিগত বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰাজয়ৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ শক্তি প্ৰদৰ্শনৰ বাবে এক সুযোগ লাভ কৰিব ।
তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৯ জানুৱাৰীৰ পুৱা ১০ বজাত পাটিয়ালাত উপস্থিত হ'ব । ইয়াৰ পিছত তেওঁ প্ৰথমে গুৰুদ্বাৰা শ্ৰী দুখ নিৱাৰণ চাহিবত প্ৰাৰ্থনা জনাব (Gurdwara Sri Dukh Niwaran Sahib)। তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাতা কালী দেৱী মন্দিৰত আশীৰ্বাদ ল'ব (Mata Kali Devi Temple) । ইয়াৰ পিছত শ্বাহে দলীয় কৰ্মীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব । ইয়াৰ পিছতেই তেওঁ এক ৰেলীত অংশগ্ৰহণ কৰিব ।
উল্লেখ্য় যে, পাটিয়ালা চহখন কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্গ বাবেই এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । সূত্ৰ অনুসৰি কেপ্টেইন অমৰিন্দৰ সিঙৰ পৰিয়ালৰ সদস্য় ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটৰ শক্তিশালী দাবীদাৰ । আন এক সূত্ৰ অনুসৰি, কেপ্টেইন অমৰিন্দৰ সিঙৰ কন্য়া বিবা জয়ন্দৰ কৌৰে এই টিকটৰ বাবে প্ৰৱল দাবীদাৰ হিচাপে চৰ্চা হৈছে । উল্লেখ্য় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী মহাৰাণী প্ৰনীত কৌৰ কংগ্ৰেছ দলৰ এগৰাকী সাংসদ ।