অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সামৰণি অনুষ্ঠানত গৃহ মন্ত্ৰীৰ অংশগ্ৰহণ - Uttarakhand Global Investors Summit

উত্তৰাখণ্ডক সফলতাৰ দিশত আগবঢ়াই নিবলৈ ৰাজ্যখনলৈ অহা সকলো উদ্যোগী আৰু বিশিষ্ট ব্যক্তিক গৃহ মন্ত্ৰীৰ অভিনন্দন । অটল বিহাৰী বাজপেয়ীয়ে উত্তৰাখণ্ড নিৰ্মাণ কৰিছে, মোদীয়ে ইয়াক গঢ় দিছে আৰু এতিয়া ধামীৰ নেতৃত্বত উত্তৰাখণ্ড উন্নয়নৰ দিশে আগবাঢ়িছে ।

Amit Shah in Uttarakhand
উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সামৰণি অনুষ্ঠানত গৃহ মন্ত্ৰীৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:06 PM IST

নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ :উত্তৰাখণ্ডত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ত অংশগ্ৰহণ কৰে । ইফালে উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ত অংশ ল'বলৈ আহি উত্তৰাখণ্ডক সফল কৰিবলৈ অহা সকলো উদ্যোগী আৰু বিশিষ্ট ব্যক্তিক গৃহ মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপনো কৰে ।

উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সামৰণি কাৰ্যসূচীত ভাষণ প্ৰদান কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে এই কাৰ্যসূচী শেষ নহয় । ইয়াৰ দ্বাৰা বহু বিষয়ৰ আৰম্ভণি বুলি তেওঁ উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে এই অনুষ্ঠানত ৩.৫ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে । যাৰ বাবে তেওঁ উদ্যোগী আৰু লোকসকলক শুভকামনা জনায় ।

অমিত শ্বাহে লগতে কয় যে এয়া হৈছে অনন্ত উত্তৰাখণ্ড নিৰ্মাণৰ আৰম্ভণি । অমিত শ্বাহৰ মতে উত্তৰাখণ্ড ঐশ্বৰিক শক্তি আৰু বিৱৰ্তনো আছে । অমিত শ্বাহে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ প্ৰশংসা কৰি কয় যে তেওঁ প্ৰদৰ্শনৰ লগতে উন্নয়নতো গুৰুত্ব দিছে । যাৰ বাবে উত্তৰাখণ্ড নিৰন্তৰ আগবাঢ়ি গৈ আছে ।

ভাষণ প্ৰসংগত অমিত শ্বাহে উত্তৰকাশীৰ সুৰংগ উদ্ধাৰ অভিযানৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে উত্তৰাখণ্ডৰ ধামী চৰকাৰৰ প্ৰচেষ্টাৰ ফলত ৪১ গৰাকী শ্ৰমিকক সুৰংগৰ পৰা সুস্থভাৱে উদ্ধাৰ কৰা হৈছে । সমগ্ৰ দেশ শ্ৰমিকসকলৰ বাবে চিন্তিত আছিল কিন্তু ধামীয়ে ধৈৰ্য সহকাৰে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিল । উত্তৰকাশী চিল্কিয়াৰা সুৰংগৰ সফল উদ্ধাৰ অভিযানৰ বাবে অমিত শ্বাহে উত্তৰাখণ্ড চৰকাৰক অভিনন্দন জনায় ।

অমিত শ্বাহে কয় যে অটল বিহাৰী বাজপেয়ীয়ে উত্তৰাখণ্ড নিৰ্মাণ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক গঢ় দিছে আৰু এতিয়া উত্তৰাখণ্ড ধামীৰ নেতৃত্বত আগবাঢ়িছে । তেওঁ উল্লেখ কৰা মতে দুদিনীয়া সন্মিলনত বহু বুজাবুজি চুক্তি হৈছে । আজি অন্তহীন সম্ভাৱনা মুকলি কৰাৰ আৰম্ভণি বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে এই দশকত ভাৰত দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ বিশ্বই এক নতুন আশাৰে ভাৰতৰ ফালে চাই আছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে । তাৰ দিশত ভাৰত অগ্ৰসৰ বুলিও তেওঁ আশাবাদী ।

লগতে পঢ়ক :দেশৰ বৰ্ধিত জিডিপিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details