অসম

assam

ETV Bharat / bharat

বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে শনিবাৰে কৈছিল যে, 29 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনখনত 38 টা আইনগত বিষয় উত্থাপন কৰা হ’ব ৷ অধিৱেশনখনৰ প্ৰথম পৰ্যায়টো 15 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ আনহাতে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৷

Union Cabinet to meet tomorrow ahead of budget presentation
বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

By

Published : Jan 31, 2021, 10:35 PM IST

নিউজ ডেস্ক,31 জানুৱাৰী: সংসদত 2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপনৰ পূৰ্বে সোমবাৰে দিনৰ 10.15 বজাত এক বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ 1 ফেব্ৰুৱাৰী দিনৰ 11 বজাত সংসদত উত্থাপন কৰা হ’ব বাজেট ৷

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে শনিবাৰে কৈছিল যে, 29 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনখনত 38 টা আইনগত বিষয় উত্থাপন কৰা হ’ব ৷ অধিৱেশনখনৰ প্ৰথম পৰ্যায়টো 15 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ আনহাতে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৷

উল্লেখ্য যে, শূণ্যকালীন ঘন্টা(zero hour) আৰু প্ৰশ্নোকালীন ঘন্টাৰ মাজত পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ ৰাজ্য সভা আৰু নিশা 8 বজাৰ পৰা 9 বজালৈ লোকসভাৰ কাম কাজ অব্যাহত থাকিব ৷

লগতে পঢ়ক-ভাৰতৰ প্ৰথমগৰাকী পৰম বীৰ চক্ৰ লাভ কৰা মেজৰ সোমনাথ শৰ্মাক স্মৰণ

ABOUT THE AUTHOR

...view details