অসম

assam

By

Published : Jul 14, 2021, 4:56 PM IST

ETV Bharat / bharat

প্ৰায় এবছৰৰ অন্তত প্ৰথমখন প্ৰত্যক্ষ বৈঠকত মিলিত হয় মোডী কেবিনেট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত বুধবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় ক’ভিডৰ পিছত প্ৰথমখন প্ৰত্যক্ষ বৈঠক । বিয়লি ৪ বজাত মন্ত্ৰী পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আন এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

Union Cabinet
প্ৰায় এবছৰৰ অন্তত মোডী কেবিনেটৰ প্ৰথমখন শাৰীৰিক বৈঠক

নেশ্যনেল ডেস্ক, ১৪ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) সভাপতিত্বত বুধবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক (Cabinet meeting) । দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় এই বৈঠক । লক্ষণীয়ভাৱে এইখন হৈছে মোডীৰ মন্ত্ৰীসভাৰ যোৱা এবছৰৰ ভিতৰত প্ৰথমখন প্ৰত্যক্ষভাৱে অনুষ্ঠিত বৈঠক ।

সূত্ৰৰ পৰা জানিব পৰা মতে কৰ'ণা (Corona) মহামাৰীয়ে দেশত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰাৰ সময়ত যোৱা বছৰৰ এপ্ৰিল মাহৰ শেষৰ ফালে প্ৰত্যক্ষভাৱে অন্তিমখন কেবিনেট বৈঠকত বহিছিল মন্ত্ৰীসভা । অৱশ্যে দেশজুৰি কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তো প্ৰায় প্ৰতি সপ্তাহতে ভিডিঅ' কনফাৰেন্সৰ (Video conference) জৰিয়তে নিয়মীয়াকৈ বৈঠকৰ আয়োজন কৰা হৈছিল । আনকি লকডাউনৰ সময়তো বিভিন্ন ধৰণৰ বৈঠক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আয়োজিত কৰা হৈছিল ।

বিগত বছৰত চৰকাৰৰ বহু সিদ্ধান্ত বা ঘোষণাও কেন্দ্ৰীয় চৰকাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অৱগত কৰিছিল । ক'ভিড বিধি (Covid protocol) পালন কৰি বিভিন্ন বিষয়ত প্ৰধানমন্ত্ৰীয়ে আলোচনাও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৰিছে ।

ইফালে বুধবাৰে বিয়লি ৪ বজাত মন্ত্ৰী পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আন এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । উল্লেখ্য যে, এইখন হৈছে মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ পিছত দ্বিতীয়খন বৈঠক । ৭ জুলাইত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছত ৮ জুলাইত নতুনকৈ অন্তৰ্ভূক্ত ৪৩ গৰাকীকৈ মন্ত্ৰীৰ সৈতে মন্ত্ৰী পৰিষদৰ বৈঠক আয়োজন কৰা হৈছিল ।

আনহাতে, সঘনাই মন্ত্ৰীসভাৰ বৈঠক আয়োজন হোৱাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও দেখা গৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ বাবে মন্ত্ৰী পৰিষদৰ বৈঠক সঘনাই আহ্বান কৰাৰ অন্যতম কাৰণ হ'ব পাৰে ।

লগতে পঢ়ক :একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 বিজেপি বিধায়কৰ

ABOUT THE AUTHOR

...view details