জোনাই, ৮ জানুৱাৰী:অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে কিষাণ মেলা অনুষ্ঠিত হয় (College of Agricultural Science at Pasighat)। উক্ত অনুষ্ঠানত কৃষি সম্পৰ্কীয় যন্ত্ৰপাতি আৰু সঁজুলি, জৈৱ কীটনাশক, উদ্ভিদ জৈৱ কীটনাশক আৰু কৃষি জৈৱ কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ বিতৰণ আৰু বিক্ৰী সম্পৰ্কে সজাগ কৰিবলৈ অনুষ্ঠিত কৰা হয় কিষাণ মেলা (Kisan Mela in Pasighat) । উল্লেখ্য় যে অৰুণাচল প্ৰদেশৰ পূব চিয়াং আৰু অন্যান্য চুবুৰীয়া জিলাৰ কৃষকসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই মেলাৰ আয়োজন কৰা হয় ।
অৰুণাচল প্ৰদেশৰ চিয়াং বায়োটেকে মুম্বাই আৰু বাংগালোৰস্থিত কৃষি প্ৰতিষ্ঠানসমূহৰ সহযোগত পূৱ চিয়াং জিলাৰ পাচিঘাটতস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত দুদিনীয়াকৈ এই কিষাণ মেলা অনুষ্ঠিত কৰে ৷ এই মেলাত কৃষি যন্ত্ৰ আৰু সঁজুলি প্ৰদৰ্শন কৰা হয় । চিয়াং বায়োটেকৰ কাৰিকৰী পৰামৰ্শদাতা কেলেপ ইকোৱে মেলাখনত উপস্থিত থাকে । তেওঁ চিয়াং বায়োটেক আৰু ইয়াৰ অংশীদাৰ এৰিছ এগ্ৰো লিমিটেডৰ (Eris Agro Ltd)সৈতে মুম্বাই,বাৰিক্স এগ্ৰো চাইন্সেছ প্ৰাইভেট লিমিটেড বাংগালোৰ আৰু জৈন জলসিঞ্চন প্ৰযুক্তি,মহাৰাষ্ট্ৰই কৃষকসকলক অন্যান্য সামগ্ৰীসহ কেইবাটাও কৃষি যন্ত্ৰ আৰু সঁজুলি প্ৰদৰ্শন কৰে ।