নেশ্যনেল ডেস্ক, 4 জুলাই: কিমান সুৰক্ষিত এগৰাকী মুখ্যমন্ত্ৰী ! কটকটীয়া নিৰাপত্তা বেষ্টনীয়ে ৰোধিব পাৰিবনে দুৰ্বৃত্তৰ কু-অভিসন্ধিক ? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Chief Minister Mamata Banerjee) বাসগৃহত অঘটন ৷ এজন অচিনাক্ত ব্যক্তিয়ে দেওবাৰে পুৱতি নিশা কলকাতাৰ কালিঘাটস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ দেৱাল পাৰ হৈ চৌহদত প্ৰৱেশ কৰে (Unidentified man enters Mamata Banerjees residence)৷ লোকজনে কিছুসময় চৌহদতে ইফাল সিফাল কৰি ফুৰাৰ পিছত দেৱালখনৰ এটা কোণতে ওৰে নিশা বহি থাকে ৷
ইয়াৰ পিছতে পুৱা মুখ্যমন্ত্ৰীৰ এগৰাকী নিৰাপত্তৰক্ষীয়ে লোকজনক ঘৰৰ চৌহদত দেখি কালিঘাট আৰক্ষীক (Kalighat police) অৱগত কৰে ৷ আৰক্ষীয়ে ততালিকে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ লোকজনক আটক কৰে ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত লোকজনক চোৰ অথবা "অসুস্থ মানসিক অৱস্থাৰ" ব্যক্তি বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ লোকজনক অন্য লোকে অপৰাধৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে থানাত লোকজনক সোধ-পোছ কৰি আছে ৷