নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল :যোৱা ১১ এপ্ৰিলত কেৰালাৰ ৱায়ানাড়ৰ ৰাইজক সম্বোধন কৰাৰ পাচত এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ১৬ এপ্ৰিলত নিৰ্বাচনমুখী কৰ্ণাটকৰ কোলাৰত এক বিশাল জনসভাত উপস্থিত থাকিব (Rahul to address rally in Kolar)। ৰাহুল গান্ধীৰ এই ভ্ৰমণক লৈ কৰ্ণাটক কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । বিধানসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ এই ভ্ৰমণ কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে ।
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বি কে হৰি প্ৰসাদে উল্লেখ কৰা মতে ৰাহুল গান্ধীৰ আগমনক লৈ কংগ্ৰেছৰ ভিতৰচ'ৰাত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছে ব্যাপক প্ৰচাৰ চলাইছে বুলিও তেওঁ উল্লেখ কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱ কুমাৰ আৰু চিএলপি নেতা কে সিদ্ধাৰামাইয়াকে ধৰি ৰাজ্যৰ সকলো জ্যেষ্ঠ নেতাই ১৬ এপ্ৰিলৰ ৰাহুলৰ জনসভাত অংশগ্ৰহণ কৰিব বুলিও বি কে হৰি প্ৰসাদে জনায় ।
লক্ষ্যনীয়ভাৱে কৰ্ণাটকৰ কোলাৰতে ৰাহুলে মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল (Rahul Gandhi Modi surname issue)। যাৰ ফলত চুৰাট আদালতে অপৰাধমূলক মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰে আৰু পাচত তেওঁৰ সাংসদ পদ খাৰিজ হয় । অৱশ্যে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ শাস্তি আৰু অযোগ্য ঘোষণা কৰাটো বিজেপিৰ ষড়যন্ত্ৰৰ অংশ । আনহাতে তেওঁ অতীতত কৰি অহাৰ দৰে ১৬ এপ্ৰিলত কোলাৰত তেওঁৰ ভাষণৰ সময়ত গেৰুৱা দলটোক আক্ৰমণ কৰিব বুলিও আশা কৰা হৈছে ।