নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ :১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ অন্যতম অভিযুক্ত ইয়াকুব মেমনৰ কবৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সম্প্ৰতি বিতৰ্ক অব্যাহত আছে (Yakub Memon grave beautification controversy)। এই বিতৰ্ক চলি থকাৰ মাজতে আন এক নতুন ৰহস্য পোহৰলৈ আহিছে । আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সহযোগী টাইগাৰ মেমনে বদা কবৰস্থানৰ প্ৰাক্তন সদস্যক ভাবুকি প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে (Tiger Memon threatens Bada Cemetery former member)। প্ৰাক্তন সদস্যই মুম্বাই আৰক্ষীক অভিযোগ দিয়া মতে টাইগাৰ মেমনে পূৰ্বে তেওঁক কেইবাবাৰো ভাবুকি প্ৰদান কৰিছে ।
বদা কবৰস্থানৰ দুজন সদস্যই জনোৱা মতে, ইয়াকুব মেমনৰ ভাতৃ টাইগাৰ মেমনে (Underworld Don Tiger Memon) ২০২১ চনত কবৰটো ক্ৰয় কৰাৰ ভাবুকি প্ৰদান কৰিছিল । এই ক্ষেত্ৰত আৰক্ষীৰ ওচৰত এটা অভিযোগো দাখিল কৰা হৈছিল । প্ৰাক্তন সদস্য জলিল নাভ্ৰনৰ মতে, ২০২১ চনত তেওঁক এই ভাবুকি দিয়া হৈছিল । তেওঁক ন্যাসৰ পৰা বহিষ্কাৰ কৰাৰো ভাবুকি দিয়া হৈছিল । আনকি খবৰ পোৱা মতে দুয়োজন সদস্যকে পৰৱৰ্তী সময়ত ন্যাসৰ পৰা আঁতৰোৱা হৈছিল ।
সূত্ৰৰ মতে প্ৰাক্তন সদস্যসকলে আৰক্ষীৰ সন্মুখত অভিযোগ কৰিছে যে, ইয়াকুব মেমনক সমাধিস্থ কৰা ঠাইত এটা ডাঙৰ স্মাৰক নিৰ্মাণ কৰাৰ বাবে ভূমি বিচাৰি তেওঁলোকক ভাবুকি প্ৰদান কৰা হৈছিল ।
বদা কবৰস্থানৰ প্ৰাক্তন সদস্য পাৰভেজ সৰকাৰ আৰু জলিল নভ্ৰনে কোৱা মতে মেমন পৰিয়ালে ইয়াকুব মেমনৰ কবৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আগ্ৰহী আছিল । তাৰ বাবে আন তিনিটা কবৰ ক্ৰয় কৰিবলৈও চেষ্টা কৰা হৈছিল । কিন্তু দুয়োজন সদস্যই স্পষ্টভাৱে মেমন পৰিয়ালক অস্বীকাৰ কৰিছিল ।