আমাৰ ৰাজনীতিবিদসকলে শপত গ্ৰহণ কৰি কাৰ্যভাৰ গ্ৰহণ কৰে । শপত লোৱাৰ সময়ত তেওঁলোকে কয়, সংবিধান আৰু আইন অনুসৰি ভয় বা অনুগ্ৰহ, স্নেহ বা বিদ্বেষ অবিহনে সকলো লোকক সেৱা আগবঢ়াব । কিন্তু বৰ্তমান সময়ত এনেকুৱা লাগিছে যেন তেওঁলোকে লোৱা শপতটো অপ্ৰাসংগিক ।
তেওঁলোকে বিভাজনকেন্দ্ৰিক শাসনৰ আশ্ৰয় লৈছে আৰু তেওঁলোকে বুলডোজাৰ বা উচ্ছেদৰ দৰে কিছুমান উপায় অৱলম্বন কৰিছে । আনকি বিজেপি শাসিত কিছুমান ৰাজ্যই প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ কৰিছে (Bulldozers reign in BJP ruled state)। এনে কাৰ্যৰ জৰিয়তে শাসকসকলে তেওঁলোকৰ প্ৰকৃত ন্যায়ৰ পৰা আঁতৰি আহিছে ।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰে এই বিষয়টো সঠিকভাৱে আঙুলিয়াই দিছে । তেওঁ কৈছে যে এই অন্যায়ধৰ্মী ধ্বংসলীলা সংখ্যালঘুসকলৰ মাজত ভয় সৃষ্টিৰ বাবে কৰা হৈছে । উত্তৰ প্ৰদেশত, শেহতীয়াকৈ প্ৰয়াগৰাজ হিংসাত (Prayagraj violence ) জড়িত থকাৰ সন্দেহত ঘটনাৰ মূল অভিযুক্ত মহম্মদ জাভেদৰ ঘৰটো স্থানীয় প্ৰশাসনে ভাঙি পেলাইছে । প্ৰশাসনে দাবী কৰা মতে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল আৰু উচ্ছেদৰ পূৰ্বে আগতীয়া জাননী প্ৰদান কৰা হৈছিল ।
উচ্ছেদ চলোৱা ঘৰটো দৰাচলতে জাভেদৰ পত্নীৰ নামত আছিল । জাভেদৰ পত্নীয়ে আকৌ নিয়মীয়াকৈ গৃহ কৰ আৰু পানীকৰ পৰিশোধ কৰি আহিছিল । মূল কথাটো হ'ল যে উচ্ছেদৰ ঠিক আগদিনা জাননী প্ৰদান কৰা হৈছিল । উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ আৰু কানপুৰতো অনুৰূপ ধৰণে উচ্ছেদৰ নামত বুলডোজাৰ চলোৱা হৈছে ।
আনহাতে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে পূৰ্বে স্পষ্টভাৱে উল্লেখ কৰিছিল যে অবৈধ নিৰ্মাণত উচ্ছেদ চলোৱাৰ পূৰ্বে আগতীয়া জাননী প্ৰদান কৰিব লাগিব আৰু অভিযুক্তক তেওঁলোকৰ সংস্থাপনৰ বাবে সময় দিব লাগিব । কিন্তু হাস্যকৰ কথাটো হ'ল যে যদি চৰকাৰে প্ৰচিকিউটৰ আৰু বিচাৰক দুয়োৰে ৰূপত কাম কৰে আৰু প্ৰতিবাদকাৰীসকলক দমন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে সেয়া কেৱল অৰাজকতাহে হ'ব । যাৰ বাবে উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশকে ধৰি ১২ গৰাকী বিশিষ্ট আইনবিদে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছে । যিয়ে আবাসীসকলক উচ্ছেদৰ নামত উপহাস কৰা বুলি অভিযোগ কৰিছে ।
তেওঁলোকে এই ধৰণৰ কাৰ্যৰ সমাপ্তিৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল । যেতিয়া হিংসাই সকলো নিঃশেষ কৰে তেতিয়া একমাত্ৰ ন্যায়পালিকা জনসাধাৰণৰ বাবে ৰক্ষাকবচ হৈ পৰে । এনে পৰিস্থিতিত ন্যায়পালিকাই সাধাৰণ লোকৰ পক্ষত থাকি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে ।