নিউজ ডেস্ক, ২১ জুন :হায়দৰাবাদত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । হায়দৰাবাদৰ এলবি নগৰত এখন নিৰ্মীয়মাণ উৰণ সেঁতু বুধবাৰে পুৱতিনিশা হঠাতে খহি পৰে । এই দুৰ্ঘটনাৰ ফলত নিৰ্মাণকাৰ্যত জড়িত ৯ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । পুৱা প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুৰ্ঘটনাটোত ভুক্তভোগী কিছু শ্ৰমিক গভীৰ টোপনিত আছিল । যাৰ বাবে তেওঁলোকে দুৰ্ঘটনাটোৰ কোনো উমঘামেই নাপালে । উল্লেখ্য, হায়দৰাবাদৰ সাগৰ ৰিং ৰোডৰ চাৰিআলিত অৱস্থিত এই উৰণ সেঁতুখন ।
প্ৰাপ্ত তথ্য অনুসৰি, আঘাতপ্ৰাপ্ত ব্যক্তিসকল সেঁতুখনৰ নিৰ্মাণ শ্ৰমিক । তেওঁলোক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । ইফালে ঘটনাটোৰ খবৰ কৰ্তৃপক্ষই লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । তেওঁলোকে ভুক্তভোগীসকলক উদ্ধাৰ কৰিবলৈ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে দ্ৰুততাৰে কাম কৰে । এলবি নগৰৰ বিধায়ক সুধীৰ ৰেড্ডী আৰু জিএইচএমচি প্ৰকল্পৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু দুৰ্ঘটনাস্থলী নিৰীক্ষণ কৰিছে । পোক্লেইনৰ সহায়ত ধ্বংসাৱশেষ আঁতৰোৱা হয় ।