অসম

assam

ETV Bharat / bharat

Culvert Collapses: নিৰ্মীয়মান কালভাৰ্ট খহি শিশুসহ পাঁচজনৰ মৃত্যু - Under construction culvert collapses in Rayagada

ওড়িশাৰ ৰায়গড়া জিলাৰ কল্যাণসিংপুৰত নিৰ্মীয়মান কালভাৰ্টৰ এটা অংশ খহি চাৰিটা শিশুসহ কমেও ৫ জন লোকৰ মৃত্যু হয় ৷

Under construction culvert collapses
কালভাৰ্ট খহি শিশুসহ পাঁচজনৰ মৃত্যু

By

Published : Jul 31, 2023, 11:51 AM IST

Updated : Jul 31, 2023, 2:01 PM IST

নিউজ ডেস্ক, 31 জুলাই : ওড়িশাৰ ৰায়গড়া জিলাৰ কল্যাণসিংপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ কল্যাণসিংপুৰ তহচিলৰ অন্তৰ্গত উপৰাছাজা গাঁৱত সোমবাৰে পুৱা এটা নিৰ্মীয়মান কালভাৰ্টৰ এটা অংশ খহি চাৰিটা শিশুসহ কমেও ৫ জন লোকৰ মৃত্যু হয় ৷ শিশুসকলে কালভাৰ্টৰ তলত গা ধুই থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷ মৃত লোকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ৷

তথ্য অনুসৰি, সোমবাৰে পুৱা কল্যাণসিংপুৰ উপাসাজাৰ ওচৰত নিৰ্মীয়মান কালভাৰ্টৰ তলত কিছু লোকে সাঁতুৰি আছিল ৷ এনে সময়তে হঠাতে কোনোৱে একো নজনাইকৈ কালভাৰ্টটো খহি পৰিল ৷ এই ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে ৷ কালভাৰ্টটো খহি পৰাৰ সময়ত কিমান জন লোকে গা ধুই আছিল সেই বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই ৷ কেইবাটাও নিৰ্মীয়মান কালভাৰ্ট এনেদৰে ভাবুকিৰ সন্মুখীন হৈছে ৷ মৃত পাঁচজনৰ ভিতৰত, 4 টা শিশু আছে ৷ নিহত লোক সকলক চিনাক্ত কৰা হোৱা নাই ৷

বিগত মাৰ্চ মাহত কেন্দ্ৰপদাত এটা নিৰ্মীয়মান পুল খহি পৰাৰ খবৰ পোহৰলৈ আহিছিল ৷ মহিপালৰ ওচৰৰ গোবাৰী নদীত এটা নিৰ্মীয়মান পুল খহি পৰে ৷ স্থানীয় লোকে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ কৰিছিল ৷ পুলটো নিৰ্মাণৰ ১২ ঘণ্টাৰ ভিতৰত খহি পৰিছিল ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল ৷

২০২০ চনৰ এপ্ৰিল মাহত বালাংগীৰত এটা পুল খহি পৰাৰ ফলত ২ জন লোকৰ মৃত্যু হৈছিল ৷ পাটনাগড়ৰ মুদালচাৰ গাঁৱৰ শুকতেল নদীৰ পুলটো খহি পৰিছিল ৷ এই ঘটনাত দুজন মধ্য প্ৰদেশৰ লোক নিহত হৈছিল । মেৰামতি কৰাৰ সময়ত পুলটো খহি পৰিছিল ৷ ঘটনাস্থলীতে ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হৈছিল ৷ আহতজনক বালাংগীৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক :Python at Airport: বিমানবন্দৰত উদ্ধাৰ 47 টা অজগৰ

Last Updated : Jul 31, 2023, 2:01 PM IST

ABOUT THE AUTHOR

...view details