নিউজ ডেস্ক, ৬ জুন : বিহাৰৰ বেতীয়া জিলাত এখন দ্ৰুতবেগী বলেৰ'ৱে ৭ গৰাকী ছাত্ৰীক পিষ্ট কৰে (Bolero Crushed 7 girl Students in Bihar) । শনিবাৰে এই দুৰ্ঘটনাটো শংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । দুৰ্ঘটনাটোত আটাইকেইগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয় । তেওঁলোকক বেতীয়া জিএমচিএইচত চিকিৎসা কৰি থকা হৈছে (Bettiah GMCH) । আনহাতে, অনিয়ন্ত্ৰিত বলেৰ'খনৰ দ্বাৰা সংঘটিত এই দুৰ্ঘটনাৰ চিচি টিভিৰ এটা ভিডিঅ' সম্প্ৰতি পোহৰলৈ আহিছে । ঘটনাটো লাউৰিয়া-বেতীয়া মুখ্য পথত সংঘটিত হয় (Road accident in bettiah) ।
জানিব পৰা মতে, এই ভয়ংকৰ পথ দুৰ্ঘটনাটো লাউৰিয়াৰ হিৰো এজেন্সীৰ ওচৰত সংঘটিত হয় । আনহাতে, দুৰ্ঘটনাটোত পতিত আটাইকেইগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় । তেওঁলোকক পোনতে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বেতীয়া জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় (Bolero Crushed Students in Bettiah Bihar) । শিক্ষাৰ্থীকেইগৰাকী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰী আৰু তেওঁলোক কোচিঙৰ বাবে গৈ আছিল । ঠিক তেনে সময়তে পিছফালৰ পৰা অহা অনিয়ন্ত্ৰিত বলেৰ'খনে তেওঁলোকক মহটিয়াই লৈ যায় । ঘটনাটোৰ পিছতে অঞ্চলটোত হুলস্থুলৰ সৃষ্টি হয় । লগতে তাত গোট খোৱা লোকসকলে ছাত্ৰীকেইগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে । ঘটনাটোৰ চিচি টিভি ফুটেজো পোহৰলৈ আহিছে ।