আগৰতলা,27 মাৰ্চ:ক'ভিড-19 ৰ পুনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিঅপ্ৰয়োজনীয়ভাৱে হোৱা জন সমাগম ৰোধ কৰাৰ উদ্দেশ্যে পশ্চিম ত্ৰিপুৰা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে ৷ এই উদ্দেশ্যে ইতিমধ্যে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ ইয়াৰ লগতে জিলা প্ৰশাসনে আগৰতলা চহৰত চৈত্ৰা বিক্ৰী কৰাৰ ক্ষেত্ৰতো বাধা নিষেধাজ্ঞা আৰোপ কৰিছে ৷
সাধাৰণতে বঙালী নৱবৰ্ষৰ পূৰ্বে চৈত্ৰা বিক্ৰীৰ বাৰ্ষিক বজাৰ উৎসৱৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে ৷ এপ্ৰিলৰ আৰম্ভণিৰে পৰা দোকানীসকলে দিয়া ৰেহাই মূল্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে সকলোৱে ভিৰ কৰা পৰিলক্ষিত হয় ৷ কিন্তু, এইবাৰ যেন তাৰ ব্যতিক্ৰম ৷ ক'ভিড-19 প্ৰতিহত কৰাৰ বাবে লগতে জন সমাগম ৰোধ কৰাৰ বাবে বছৰৰ এই সময়ছোৱাতে জৰুৰীকালীনভাৱে কিছু বিশেষ ব্যৱস্থা হাতত ল'বলগীয়া হোৱাৰ বাবে এইবাৰ সকলোবোৰ সলনি হৈছে ৷
144 ধাৰা জাৰি কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি পশ্চিম ত্ৰিপুৰাৰ ডেপুটি মেজিষ্ট্ৰেট শৈলেশ কুমাৰ যাদৱে কয় যে, "28-29 মাৰ্চৰ বাবে আমি 144 ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ইয়াৰ লগতে পিলিয়ন ৰাইডিঙৰ ক্ষেত্ৰতো নিষেধ আৰোপ কৰা হৈছে ৷ এই নিষেধাজ্ঞাসমূহ পুৱা 8 বজাৰ পৰা নিশা 12 বজালৈকে জাৰি থাকিব ৷ আমি দেখিবলৈ পাইছো কেনেকৈ মটৰ চাইকেল আৰোহীসকলে তিনিজন বা চাৰিজনকৈ লোক লগত লৈ ৰাস্তাত ঘূৰি থাকে ৷ এনেক্ষেত্ৰত আমি সামাজিক ব্যৱধান বজাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা সমূহ আৰোপ কৰিছো" ৷