নেশ্য়নেল ডেস্ক, ১৮ছেপ্টেম্বৰ: সুৰাৰ বাবেই মাতৃয়ে হত্য়া কৰিলে পুত্ৰক । এই ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাত (Tragic incident in Andhra Pradesh)। খাদ্য়ত কীটনাশক মিহলাই পুত্ৰক হত্য়া কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তেওঁক সোধা-পোছা আৰম্ভ কৰিছে ।
ঘটনাৰ বিৱৰণী অনুসৰি অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাৰ গড্ডু ৰামায়ম্মা (Goddu Ramayamma from Vizianagaram district) নামৰ মহিলাগৰকীৰ স্বামীৰ তিনি বছৰ পুৰ্বে মৃত্য়ু হৈছিল । ইয়াৰ পিছৰে পৰা তেওঁ পুচাপতিৰেগা মণ্ডলৰ গুণ্ডাপুৰেডিপালেমত কন্য়া সুনীতা আৰু পুত্ৰ সাইৰ(২০) সৈতে বাস কৰি আছিল । মহিলাগৰকীয়ে এটা স্থানীয় ফাৰ্মা কোম্পানীত কাম কৰি পৰিয়ালটোক প্ৰতিপালন কৰি আছে । ইয়াৰ মাজতে তেওঁৰ পুত্ৰ ৩ মাহ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈছিল । উক্ত দুৰ্ঘটনাত চাইৰ ভৰি ভাঙি বিচনাতে থাকিবলগীয়া হয় ।
এই যুৱকজন দীৰ্ঘদিনৰ পৰাই সুৰাৰ প্ৰতি আসক্ত আছিল । সেয়েহে ভৰি ভাঙি বিচনাতে থাকিবলগীয়া হোৱাত ঘৰতেই সুৰা পান কৰিবলৈ লয় । সাইয়ে তেওঁৰ মাতৃ আৰু ডাঙৰ ভনীয়েকক মাংস ৰন্ধা আৰু প্ৰতিদিনে সুৰা অনাৰ বাবে হাৰাশাস্তি কৰি আহিছিল । সুৰা নিদিলেই যুৱকজনে দুয়োকে প্ৰহাৰ কৰে । পুত্ৰৰ এনে অত্য়াচাৰ সহ্য় কৰিব নোৱাৰি ৰামায়ম্মাই শুক্ৰবাৰে নিশা সাইক ভাতত কীটনাশক মিহলাই খাবলৈ দিয়ে । সাইয়ে ভাত খোৱাৰ পিছতেই অচেতন হৈ পৰে (mother killed her son) ।
উল্লেখ্য় যে, মাতৃয়ে এম্বুলেঞ্চ এখনক আগতিয়াকৈ অৱগত কৰিছিল । লগে লগে পুত্ৰক চিকিৎসালয়লৈ নিয়ে । জিলা কেন্দ্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে সাইৰ মৃত্যু হয় । ভগ্নী সুনীতাই সাইৰ মৃত্যুৰ বিষয়ে সন্দেহ প্ৰকাশ কৰি মাতৃক এই বিষয়ে সোধ-পোছ কৰে । মহিলাগৰাকীয়ে হাৰাশাস্তিৰ বাবে অতিষ্ঠ হৈ ভাতত কীটনাশক মিহলোৱা বুলি স্বীকাৰ কৰে ।
লগতে পঢ়ক:খাদ্য বিষক্ৰিয়াত 125 জন আক্ৰান্ত