অসম

assam

ETV Bharat / bharat

উলিয়াথুকাদাভু: ঐতিহাসিক এই স্থানৰ নিমখে জোকাৰি গৈছিল ব্ৰিটিছ সাম্ৰাজ্য

স্বাধীনতা আন্দোলনৰ অন্যতম অংশ হিচাপে নিমখ সত্যাগ্ৰহৰ কথা আপুনি নিশ্চয় শুনিছে । কেৰালাৰ এই আন্দোলনে সেই সময়ত সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । কিন্তু দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আজিলৈ অৱহেলিত হৈ আছে ঐতিহাসিক নিমখ সত্যাগ্ৰহৰ স্থান । স্থানীয় ৰাইজ আৰু স্বাধীনতা সংগ্ৰামীসকলে অতি শীঘ্ৰে সেই স্থান সংৰক্ষণৰ দাবী জনাইছে ।

উলিয়াথুকাদাভু: ঐতিহাসিক এই স্থানৰ নিমখে জোকাৰি গৈছিল ব্ৰিটিছ সাম্ৰাজ্য
উলিয়াথুকাদাভু: ঐতিহাসিক এই স্থানৰ নিমখে জোকাৰি গৈছিল ব্ৰিটিছ সাম্ৰাজ্য

By

Published : Dec 11, 2021, 6:03 AM IST

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ :১৯৩০ চনত মহাত্মা গান্ধীয়ে দাণ্ডি সমুদ্ৰতীৰত থিয় হৈ ঘোষণা কৰিছিল, এই সাধাৰণ নিমখৰ বাবেই ব্ৰিটিছৰ ভেটি কপি উঠিব । আক্ষৰিক ৰূপ সত্য প্ৰমাণিত হৈছিল তেওঁৰ সেই মন্তব্য । ১৯৩০ চনৰ ১২ মাৰ্চত গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ অংশ হিচাপে আৰম্ভ কৰা নিমখ সত্যাগ্ৰহ পদযাত্ৰাক আদৰণি জনাইছিল সমগ্ৰ দেশৰ নাগৰিকে । ১৮৮২ চনৰ নিমখ আইনৰ জৰিয়তে ভাৰতত ব্ৰিটিছে লাভ কৰিছিল নিমখৰ একচেটিয়া অধিকাৰ ।

এই অধিকাৰ ভংগ কৰা আৰু নিমখক সাৰ্বজনীন কৰাই আছিল গান্ধীজীৰ প্ৰধান লক্ষ্য । মহাত্মা গান্ধীৰ আহ্বানত কেৰালাত আৰম্ভ হৈছিল নিমখ সত্যাগ্ৰহ । গান্ধীজীৰ সৈতে চি কৃষ্ণন নায়াৰ, টাইটাছ, ৰাঘৱ পোথুভাল, শংকৰজী আৰু তপন নায়াৰেও অংশ লৈছিল দাণ্ডি মাৰ্চত ।

কান্নুৰৰ পায়ানুৰ আৰু কোজিকোডৰ বেইপুৰ আছিল কেৰালাৰ নিমখ সত্যাগ্ৰহৰ প্ৰধান স্থান । কেৰালাৰ গান্ধী খ্যাত কে কেলাপ্পানৰ নেতৃত্বত পায়ানুৰত প্ৰথমবাৰৰ বাবে প্ৰস্তুত হৈছিল নিমখ । বেইপুৰত নিমখ সত্যাগ্ৰহৰ নেতৃত্ব দিছিল মহম্মদ আব্দুৰহমানে ।

উলিয়াথুকাদাভু: ঐতিহাসিক এই স্থানৰ নিমখে জোকাৰি গৈছিল ব্ৰিটিছ সাম্ৰাজ্য

নিমখ প্ৰস্তুতিৰ ক্ষেত্ৰত থকা ব্ৰিটিছৰ অধিকাৰৰ বিৰুদ্ধে পায়ানুৰৰ উলিয়াথুকাদাভুত আৰম্ভ হৈছিল প্ৰতিবাদ (Salt Satyagraha in Payyanur) । এই প্ৰতিবাদৰ নেতৃত্ব দিছিল কে কেলাপ্পান, মোয়াৰথ শংকৰ মেনন আৰু চি এইচ গোবিন্দন নাম্বিয়াৰে । ১৯৩০ চনৰ ৯ মাৰ্চত ভাদাকাৰাৰ কেপিচিচি বৈঠকত প্ৰতিবাদ সম্পৰ্কে লোৱা হৈছিল সিদ্ধান্ত । এই আন্দোলনৰ নেতা আছিল কে কেলাপ্পান আৰু কোজিকোডৰ পৰা আৰম্ভ হোৱা ৩২ জনীয়া শোভাযাত্ৰাৰ নেতৃত্বত আছিল কেটি কুঞ্জিৰমন নাম্বিয়াৰ ।

১৯৩০ চনৰ ১৩ এপ্ৰিলত কৃষ্ণ পিল্লাইয়ে গোৱা 'ভাজকা ভাৰতসামুদয়ম' শীৰ্ষক ব্ৰিটিছ বিৰোধী গীতে বিশেষ সমাদৰ লাভ কৰিছিল । লগে লগে আৰম্ভ হৈছিল শোভাযাত্ৰা । মোয়াৰথ কুঞ্জি শংকৰ মেনন, পি কুমাৰন আৰু চি এইচ গোবিন্দনে এই শোভাযাত্ৰাক আদৰণি জনাইছিল ।

২১ এপ্ৰিলত পায়ানুৰত উপস্থিত হৈছিল এই শোভাযাত্ৰাৰ দল । পিছদিনা এই শোভাযাত্ৰাটো উপস্থিত হৈছিল উলিয়াথুকাদাভুত । আইন বিৰোধী শ্ল'গান আৰু ৰাষ্ট্ৰীয় সংগীতৰ দ্বাৰা উত্তাল হৈ পৰিছিল সমগ্ৰ পৰিৱেশ । উলিয়াথুকাদাভু-পায়ানুৰৰ এই ঘটনাই কেৰালাৰ স্বাধীনতা সংগ্ৰামৰ বাবে হৈ পৰিছিল টাৰ্ণিং পইণ্ট ।

পায়ানুৰৰ সত্যাগ্ৰহ শিবিৰত উচ্ছেদ চলায় সমৰ্থকসকলক প্ৰহাৰ কৰে ক্ষুব্ধ ব্ৰিটিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কে কেলাপ্পানকে ধৰি বাকী নেতাসকলক । ব্ৰিটিছৰ এই কাৰ্যই উত্তেজিত কৰি তুলিছিল ৰাইজক । যাৰ পৰিণতিত স্বাধীনতা সংগ্ৰামলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক ।

ব্যাপক প্ৰতিবাদ হৈছিল কান্নুৰ, থালাচেৰীকে ধৰি জিলাখনৰ কেইবাটাও স্থানত । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল কেইবাজনো কংগ্ৰেছ কৰ্মী । যোৱা বছৰ উদযাপন কৰা হৈছিল এই নিমখ সত্যাগ্ৰহৰ ৯০ তম বাৰ্ষিকী । তথাপিও, উলিয়াথুকাদাভুৰ সেই ঐতিহাসিক স্থান যেন আজিও অৱহেলিত । অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে সেই ঐতিহাসিক স্থান ।

পায়ান্নুৰ গান্ধী স্মৃতি সংগ্ৰহালয়ত আজিও সংৰক্ষিত হৈ আছে নিমখ সত্যাগ্ৰহৰ ঐতিহাসিক স্মৃতিবোৰ (Gandhi Smrithi Museum in Payyannur)। আন্দোলনত অংশগ্ৰহণ কৰা সকলৰ নাম আৰু অন্যান্য বিৱৰণ ৰখা হৈছে সংগ্ৰহালয়ত । আৰক্ষীৰ এজাহাৰৰ প্ৰতিলিপি আৰু আন নথিপত্ৰও সংৰক্ষিত হৈ আছে ।

প্ৰতিবাদকাৰীসকলক প্ৰহাৰ কৰা পুৰণি পায়ান্নুৰ আৰক্ষী থানাকো গান্ধী সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হৈছে । সেয়েহে এই ঐতিহাসিক উলিয়াথুকাদাভুক সংৰক্ষণৰ দাবী জনাইছে স্বাধীনতা সংগ্ৰামী আৰু স্থানীয় লোকসকলে ।

লগতে পঢ়ক :75 Years of Independence : নেতাজী সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছৰ ব্ৰেকফাষ্ট ভালপোৱাৰ আঁৰৰ ৰহস্য

ABOUT THE AUTHOR

...view details