নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী :ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পূৱ ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অধিকৃত অঞ্চল ডনবাছক সুৰক্ষা দিবলৈ এক বিশেষ সামৰিক অভিযানৰ ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই কথা ৷ জৰুৰীকালীন ভাষণ প্ৰদান কৰি পুটিনে দেশখনক অসামৰিককৰণৰ বাবে অভিযান আৰম্ভ কৰা হোৱা বুলি ঘোষণা কৰে ৷
পুটিনৰ এই ঘোষণাৰ কেইঘণ্টামান পিছতে এয়াৰ ইণ্ডিয়াৰ AI ১৯৪৭ নং বিমানখন দিল্লীলৈ (Air India flight to back to Delhi due to NOTAM) উভতি আহে । উল্লেখ্য যে, ইউক্ৰেইনৰ কিয়েভত NOTAM (Notice to Air Missions) লাভ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷