অসম

assam

ETV Bharat / bharat

Ukraine crisis : ভাৰত পালেহি অপাৰেশ্যন গংগাৰ অধীনষ্ঠ সপ্তমখন বিমান - ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান অব্যাহত আছে (Russian military operations in Ukraine)। ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । অপাৰেশ্যন গংগাৰ অধীনত ১৮২ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে ভাৰতত অৱতৰণ সপ্তমখন বিমান ।

Ukraine crisis
বুখাৰেষ্টৰ পৰা মুম্বাইলৈ অপাৰেশ্যন গংগাৰ সপ্তমখন বিমান

By

Published : Mar 1, 2022, 12:55 PM IST

নেশ্যনেল ডেস্ক, ১ মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine crisis)। ইয়াৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলকো উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে কেইবাখনো বিশেষ বিমানযোগে তাত আবদ্ধ ভাৰতীয়সকলক নিজ দেশলৈ ঘূৰাই অনা হৈছে ।

বুখাৰেষ্টৰ পৰা মুম্বাইলৈ অপাৰেশ্যন গংগাৰ সপ্তমখন বিমান

এইবাৰ অপাৰেশ্যন গংগাৰ অধীনত সপ্তমখন বিমান ভাৰতত আহি উপস্থিত হৈছে (Seventh flight with stranded Indians departs from Bucharest)। কুৱেইট হৈ অহা বিমানখনে পুৱা ৭ বাজি ৪০ মিনিটত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে । কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে ভাৰতীয়সকলক মুম্বাই বিমানবন্দৰত আদৰণি জনায় ।

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জানিবলৈ দিয়া মতে ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা মুম্বাইলৈ ৰাওনা হৈছিল বিমানখন । বিমানখনত আছে ১৮২ গৰাকী ভাৰতীয় নাগৰিক । টুইটাৰযোগে এই কথা জনালে মন্ত্ৰীগৰাকীয়ে ।

ইফালে, ইউক্ৰেইন সংকট সন্দৰ্ভত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল উচ্চ পৰ্যায়ৰ বৈঠক । বৈঠক সম্পৰ্কে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো আবদ্ধ ভাৰতীয়ক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰী যন্ত্ৰই ২৪ ঘণ্টাই কাম কৰি আছে বুলি বৈঠকত উল্লেখ কৰে । চৰকাৰী সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু আৰু জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙকে ধৰি 'বিশেষ দূতসকলে' ইউক্ৰেইনত চলি থকা ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰৰ বাবে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰিব ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনৰ পৰা আৱদ্ধ শিক্ষাৰ্থী আৰু ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ "অপাৰেচন গংগা" নামেৰে এক অভিযান আৰম্ভ কৰিছে । এয়াৰ ইণ্ডিয়াৰ জৰিয়তে "অপাৰেচন গংগা"ৰ অধীনত বিশেষ বিমান পৰিচালনা কৰা হৈছে । সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে ইতিমধ্যে ৮,০০০ তকৈও অধিক নাগৰিকক স্থানান্তৰ কৰিছে । ইফালে ৬ খন বিমান ভাৰতত অৱতৰণ কৰিছে আৰু প্ৰায় ১৪০০ নাগৰিকক ঘূৰাই অনা হৈছে ।

লগতে পঢ়ক:Modi Meeting on Ukraine : আজি প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত ইউক্ৰেইন সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক

For All Latest Updates

ABOUT THE AUTHOR

...view details