নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী:উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন হোৱা আৰু দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ 7 ফেব্ৰুৱাৰীৰ পৰাই চলি থকা উদ্ধাৰ অভিযান চলি থকা তপোবন সুৰংগত পুনৰ দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে দেওবাৰে এই কথা সদৰী কৰে ৷
হিমবাহ বিস্ফোৰণৰ ফলত সংঘটিত জলপ্ৰলয়ৰ ফলত বৰ্তমানলৈকে সন্ধানহীন লোকৰ মুঠ 40 গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ অধিকাংশকে বৰ্তমানলৈও চিনাক্ত কৰিব পৰা হোৱা নাই ৷
SDRF আৰু NDRF ৰ লগতে উত্তৰাখণ্ডৰ আৰক্ষীয়ে 7 ফেব্ৰুৱাৰীৰ পৰা উদ্ধাৰ অভিযান চলাই আছে বুলি টুইটযোগে জানিবলৈ দিয় অশোক কুমাৰে তপোবন সুৰংগৰ পৰা পুনৰ দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ কথা সদৰী কৰে ৷