নেশ্যনেল, 5 মে': কৰ'ণাৰ দ্বিতীয় সংহাৰে সমগ্ৰ দেশতে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱালে বহু আক্ৰান্তই ৷ দেশৰ মুখ্য চহৰ সমূহৰ লেখিয়াকৈ উত্তৰাখণ্ডতো এক প্ৰকাৰ অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে কাল কৰ'ণাই ৷
মঙলবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰুৰকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাসহ পাঁচজন কোভিড-১৯ ৰোগীৰ প্ৰায় ৩০ মিনিটৰ ভিতৰত অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লয়।
চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনোৱা মতে, মঙলবাৰে পুৱতি নিশা অক্সিজেনৰ অভাৱত পাঁচ গৰাকী ৰোগীয়ে মৃত্যুক আকোৱালি লয় ৷ নিশা প্ৰায় 1.30 বজাৰ পৰা 2 বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনাটো ৷ মৃত্যু হোৱা ৰোগীকেইজনৰ ভিতৰত এগৰাকী ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু আন চাৰিগৰাকী আক্ৰান্ত অক্সিজেন বেডতে আছিলে ৷