ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ:ভাৰতত অনুষ্ঠিত জি-২০ বৈঠকত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে । এই বৈঠকৰ মাজত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ গুৰুত্বপূৰ্ণ ঘোষণা । বিশ্বক জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত সহায় কৰাৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰীণ ক্লাইমেট ফাণ্ডক ২ বিলিয়ন ডলাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । কোপেনহেগেন চুক্তিৰ পাছত ১৯৪ খন দেশে স্থাপন কৰিছিল এই গ্ৰীণ ক্লাইমেট ফাণ্ড । ভাৰতৰ ব্ৰিটিছ হাই কমিছনে প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণাৰ কথা প্ৰকাশ কৰে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী সুনকে নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকৰ সামৰণি অনুষ্ঠানত তেওঁৰ সহযোগীসকলক কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু সংযুক্ত আৰৱ আমিৰ শ্বাহিত অনুষ্ঠিত হ'বলগীয়া চিঅ'পি ২৮ জলবায়ু সন্মিলনৰ প্ৰস্তুতিৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহক সহায় কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায় । ব্ৰিটিছ চৰকাৰে কয় যে দেশখনৰ বিত্তীয় প্ৰতিশ্ৰুতি ২০২০ ৰ পৰা ২০২৩ চনৰ তুলনাত ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ১২.৭ শতাংশ বৃদ্ধি পাইছে ।